গুৱাহাটী, সংবাদ ৩৬৫ ,২১ মাৰ্চ: সমগ্ৰ বিশ্বতে কৰ’ণা ভাইৰাছে সন্ত্ৰাস বিয়পাই থকা সময়তে ভাৰতবৰ্ষটো দিনক দিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ভাৰতবর্ষত কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে যদিও অসমত কৰ’ণা ভাইৰাছৰ উপস্থিতি পোৱা নাই।

অসমত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰ তথা জনসাধাৰণৰ তৰফৰ পৰা লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱস্থা। কৰ’ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখিয়ে গুৱাহাটীৰ ২৫ খন বিহু সমিতিয়ে অসমীয়া নৱবৰ্ষত হ’বলগীয়া ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান পৰিত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।ৰঙালী বিহুত কেৱল শ্বহীদ তৰ্পন আৰু পতাকা উত্তোলন কৰিয়ে সামৰণী মৰাৰ সিদ্ধান্ত লৈছে গুৱাহাটীৰ ২৫ খন বিহু কমিটিয়ে।

ইয়াৰ উপৰিও অসমৰ সকলো বিহু অনুষ্ঠান অনুষ্ঠিত কৰা লোকসকলক এইবাৰৰ বাবে সাংস্কৃতিক অনুষ্ঠান পৰিত্যাগ কৰাৰ বাবে আহ্বান জনাইছে গুৱাহাটীৰ ২৫ খন বিহু কমিটিয়ে।