নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ মাৰ্চ: ২০১২ চনত সংঘটিত হৈছিল দেশ কঁপাই যোৱা নির্ভয়া কাণ্ডৰ। চলন্ত বাছৰ ভিতৰতে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল এগৰাকী ২৩ বছৰীয়া যুৱতীক।

৭ বছৰৰ অপেক্ষাক অন্ত পেলাই অৱশেষত ন্যায় লাভ কৰিলে নিৰ্ভয়াই। শুকুৰবাৰে পুৱা ৫ বাজি ৩০ মিনিটত তিহাৰ জেলত ফাঁচী দিয়া হ’ল ৪ জন অভিযুক্তক। পূৰ্ব নিৰ্ধাৰিত অনুসৰি ১৫ জনীয়া দলৰ নিৰীক্ষণতে ফাঁচী দিয়া হ’ল ৪ অভিযুক্ত ক্ৰমে মুকেশ, বিনয়, অক্ষয় আৰু পবনক। তিহাৰ জে’লৰ সঞ্চালক প্ৰধান সন্দীপ গোৱেলৰ তত্বাৱধানত ফাঁচী প্ৰদান কৰা হয় চাৰিও অভিযুক্তক। ফাঁচীৰ পূৰ্বে চাৰিওজন দোষীকে খাবলৈ দিয়াৰ লগতে গা ধুৱাই পিন্ধোৱা হৈছিল নতুন কাপোৰ।ফাঁচি সম্পন্ন হোৱাৰ প্ৰায় আধা ঘণ্টা সময় ওলমাই ৰখাৰ পিছত ৪ অভিযুক্তৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱা হয়। মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়া হ’ব বুলি জানিবলৈ দিয়ে তিহাৰ জেলৰ কৰ্তৃপক্ষই।

ফাঁচীৰ পিছতে আনন্দৰ জোৱাৰ দেখা গ’ল নতুন দিল্লীৰ স্থানীয় জনসাধাৰণৰ মাজত। দিল্লীৰ স্থানীয় লোকৰ লগতে বিভিন্ন সমাজ সেৱাৰ লগত জড়িত কিছু সংখ্যক ব্যক্তিয়ে সুদীৰ্ঘ ৭ বছৰৰ অন্তত নির্ভয়াই ন্যায় লাভ কৰা আজিৰ দিনটোক ঘোষণা কৰে নির্ভয়া দিৱস ৰূপে।