কুন্দন ভৰালী

নগাঁও 

১১ ছেপ্টেম্বৰ

মুখ্যমন্ত্ৰী মহাশয় আমাৰ চাকৰি বচাওক। স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আমাক চাকৰিৰ পৰা নেখেদিব।কৰ্মসংস্থাপনহীন হোৱাৰ দিশে ৰাজ্যৰ ১৪০০ অসমীয়া যুৱক-যুৱতী।

লকডাউনৰ মাজতো যথেষ্ট কষ্টৰে সেৱা আগবঢ়োৱা অসমৰ ১৪০০ অসমীয়া যুৱক-যুৱতীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ প্ৰস্তুতি চলাইছে অসমৰ স্বাস্থ্যবিভাগে। সেয়েহে অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক কাতৰ আহ্বান জনালে ১৪০০ অসমীয়া যুৱক-যুৱতীয়ে। আমাক চাকৰিৰ পৰা নেখেদিব হিমন্ত বিশ্ব ডাঙৰীয়া, আমাক ৰক্ষা কৰক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এই আহ্বান চাকৰি হেৰুৱাৰ উপক্ৰম হোৱা যুৱক-যুৱতী সকলৰ।

লকডাউনত সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মীৰ মাজত হাহাকাৰ পৰিস্থিতি। লকডাউনৰ মাজতো যথেষ্ট কষ্টৰে সেৱা আগবঢ়োৱা অসমৰ ১৪০০ আয়ুস্মান মিত্ৰ আৰু আৰোগ্য মিত্ৰক কৰ্মসংস্থাপনহীন কৰাৰ দিশে আগবাঢ়িছে অসমৰ স্বাস্থ্যবিভাগ। জাতি-মাটি-ভেটিৰ কথা কোৱা বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ আমোলত বৰ্তমান গভীৰ অনিশ্চয়তাত ১৪০০ অসমীয়া যুৱক-যুৱতীৰ কৰ্মসংস্থাপন। স্বাস্থ্যবিভাগৰ এক বিজ্ঞাপনৰ পিচতে কাল অমানিশা নামি আহিছে এইসকল যুৱক-যুৱতীৰ ভৱিষ্যতলৈ। বিগত দুবছৰ ধৰি প্ৰধানমন্ত্ৰী আয়ুস্মান ভাৰত যোঁজনাৰ অধীনত আয়ুস্মান মিত্ৰ হিচাপে কৰ্মৰত ১৪০০ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দি সেইসকলৰ ঠাইত নতুন প্ৰাৰ্থীক নিযুক্তি প্ৰদানৰ দিশত আগবাঢ়িছে অসমৰ স্বাস্থ্যবিভাগ। স্বাস্থ্য বিভাগৰ নতুন বিজ্ঞাপন অনুসৰি এতিয়াৰে পৰা আয়ুস্মান মিত্ৰ আৰু আৰোগ্য মিত্ৰ উচ্চত্বৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উৰ্ত্তীণ হোৱাটো বাধ্যতামূলক লগতে তেঁওলোকৰ বয়সৰ উৰ্দ্ধতম সীমা ৩০ বছৰ হ’ব লাগিব। এই বিজ্ঞাপন প্ৰকাশ পোৱাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ১৪০০ অসমীয়া যুৱক-যুৱতীৰ মাজত। সেয়ে তেঁওলোকে জাতি-মাটি-ভেটিৰ কথা কোৱা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ আহ্বান জনাইছে তেওঁলোকৰ চাকৰি ৰক্ষা কৰাৰ বাবে।

ইপিনে বিগত ৩ মাহে দৰমহা নোপোৱা এইসকল কৰ্মচাৰীয়ে ক’ৰণাৰ সময়ত যথেষ্ট কষ্টৰ সন্মুখীন হৈছে। দৰমহা নোপোৱাৰ বাবেই বহু কৰ্মচাৰীয়ে পৰিশোধ কৰিব পৰা নাই ঘৰভাড়া। আনহাতে প্ৰথম অৱস্থাত এম ডি ইণ্ডিয়া নামৰ এটা কোম্পানীয়ে ২০১৮ চনৰ অক্টোবৰ মাহত এইসকল কৰ্মচাৰীক চাকৰিত মকৰল কৰিছিল যদিও ২০২০ চনৰ মাৰ্চ মাহত সেই কোম্পানীৰ সৈতে চৰকাৰৰ চুক্তিৰ ম্যাদ অন্ত পৰাত স্বাস্থ্য বিভাগৰ ‘ষ্টেট নডেল চেল’ৰ অধীনত এই কৰ্মচাৰী সকল কৰ্মৰত হয় যদিও আজিপৰ্য্যন্ত এই কৰ্মচাৰী সকলে নাপালে নিযুক্তি পত্ৰ।

এতিয়া প্ৰশ্ন হয় জাতীয় নায়ক হিচাপে পৰিচিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমীয়া যুৱক-যুৱতীৰ ভৱিষ্যতৰ সুৰক্ষাৰ কথা কোৱা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত সুৰক্ষিত হ’বনে এইসকল দুৰ্ভগীয়া অসমীয়াৰ ভৱিষ্যত?