নিউজ ডেস্ক

১১ ছেপ্টেম্বৰ

শনিবাৰে চীনৰ পি এল এ সেনাই ঘূৰাই দিব অৰুণাচল প্ৰদেশৰ পাঁচ যুৱকক। কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুয়ে টুইট যোগে প্ৰকাশ কৰিলে এই কথা। শনিবাৰে যিকোনো সময়ত অৰুণাচল প্ৰদেশলৈ ঘূৰি আহিব পাৰে যুৱক কেইজন।

শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুয়ে এক টুইট যোগে প্ৰকাশ কৰিছে যে চীনৰ পি এল এ সেনাই অপহৰণ কৰা অৰুণাচল প্ৰদেশৰ পাঁচ যুৱকক শনিবাৰে ভাৰতলৈ ঘূৰাই পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চীনৰ পি এল এ সেনাই এই কথা ভাৰতীয় সেনাক জনাইছে বুলিও নিজৰ টুইট প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীৰ পাঁচ যুৱকক চীনৰ পি এল এ সেনাই সীমান্তৰ পৰা বন্দী কৰি চীনলৈ আহৰণ কৰি লৈ গছিল।অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ নিনং এৰিংয়ে নিজৰ টুইট যোগে কিছুদিন পূৰ্বে এই ভয়ংকৰ খবৰ প্ৰকাশ কৰিছিল। অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত চীনা সন্যাই ভাৰতৰ ভূমিত প্ৰৱেশ কৰি উজনি সোৱণশিৰীৰ নাচুৰ পৰা চীনৰ পি এল এ সেনাই অৰুণাচল প্ৰদেশৰ পাঁচ জনকৈ যুৱকক বন্দী কৰি লৈ চীনলৈ অপহৰণ কৰি নিছিল। পাছিঘাটৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ নিনং এৰিংয়ে চীনা সন্যাই অৰুণাচল প্ৰদেশৰ যুৱকক অপহৰণ কৰাৰ তথ্য টুইট যুগে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনাইছে। চীনা সৈন্যই বন্দী কৰি নিয়া অৰুণাচল প্ৰদেশৰ যুৱক কেইজন হৈছে ক্ৰমে তানু বাকেৰ, প্ৰচাৰ ৰিংলিং, নাগৰু ডিৰী, নাংটো এবিয়া আৰু এৰি তাচো চিংসম।

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত বিগত আগষ্ট মাহৰে পৰা এক ভয়াবহ পৰিস্থিতি বিৰাজ কৰিছে। পাছিঘাটৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ নিনং এৰিংৰ এই টুইটৰ পিছতে অৰুণাচল প্ৰদেশতলৰ লগতে সমগ্ৰ দেখতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল।