কুন্দন ভৰালী

নগাঁও

১৩ অক্টোবৰ

নগাঁৱৰ ভূঁঞাপট্টিত আৰক্ষীৰ অভিযান। এটিএম হেকাৰ আৰু সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত কেলেংকাৰী চলোৱা চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ৰাজীৱ আহমেদ নামৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত চলিছিল এই চক্ৰটো। ৰাটাজ ইণ্ডিয়া টেকনলজী প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানত আৰক্ষীৰ অভিযান।

এটিএম হেকাৰ আৰু সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত কেলেংকাৰী চলোৱা এটা চক্ৰৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ভূঁঞাপট্টিত এক অভিযান চলায়। জানিব পৰা মতে ৰাজীৱ আহমেদ নামৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত চলা এই চক্ৰটো ভুৱা নথিপত্ৰৰে বহু লোকৰ নামত বেংকৰ পৰা ঋণ সৰকাইছিল। এই বৃহৎ জালিয়াতিৰ লগত বহু প্ৰভাৱশালী ব্যক্তি জড়িত থকাৰো সন্দেহ কৰা হৈছে। কঁচুৱাৰ এগৰাকী বিৰোধী দলৰ ৰাজনৈতিক নেতাও এই জালিয়াতিৰ লগত জড়িত থকাৰ সন্দেহ কৰা হৈছে। বৰ্তমানলৈকে আৰক্ষীয়ে কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই যদিও আৰক্ষীৰ বৃহৎ বাহিনীয়ে চলোৱা অভিযানত উপস্থিত থাকে আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক কল্যান কুমাৰ বৰুৱা।

ইফালে সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত চলি থকা ভুৱা চক্ৰৰ বিৰুদ্ধে চলা অভিযানত চাইফুল ইছলাম আৰু ৰাজামউদ্দিন নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত চলি থকা ভুৱা চক্ৰৰ লগত জড়িত থকা কচুঁৱাৰ এজন জনপ্ৰতিনিধি শীঘ্ৰেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে। আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে বহু ছাত্ৰ-ছাত্ৰীৰ নামত থকা ভুৱা পৰিচয় পত্ৰ।