দৰং, সংবাদ ৩৬৫, ৩০ ডিচেম্বৰ: ৰাজ্যত অভাৱনীয় হাৰত শাক-পাচলিৰ মূল্য বৃদ্ধি হোৱাৰ পিছত দেওবাৰে তাৰ অনুৰূপ ঘটনা দেখা পোৱা গ’ল খাৰুপেটীয়াৰ বালুগাও বজাৰত। পানীৰ দামত বিক্ৰী হৈছে কৃষকৰ উৎপাদিত শাক-পাচলি । হাজাৰ হাজাৰ টকা খৰচ কৰি উৎপাদন কৰা পাচলিৰ দাম কমি যোৱাত চিন্তিত হৈ পৰিছে খেতিয়কসকল। দৰঙৰ প্ৰসিদ্ধ খাৰুপেটীয়াৰ বালুগাও, বেছিমাৰী, দৈনিক বজাৰত দ্ৰুতগতিত কমিছে পাচলিৰ পাইকাৰী মূল্য। বিগত সপ্তাহতকৈ তিনিগুন কমিছে বিভিন্ন পাচলিৰ দাম । বিভিন্ন পাচলিৰ দাম দ্ৰুতগতিত কমি যোৱাত উৎপাদিত সতেজ পাচলি পেলাই দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে খাৰুপেটীয়াৰ বালুগাও বজাৰত । শাক পাচলিৰ খেতিত ব্যাপক লোকচান হোৱাত মূৰে কপালে হাত দিব লগীয়া হৈছে কৃষক সকল। দেওবাৰে খাৰুপেটীয়াৰ বালুগাও পাইকাৰী বজাৰত পাচলিৰ মূল্য আছিল এনেধৰনৰ—

প্ৰতি কেজি বিলাহীত ৫-৭ টকা
প্ৰতি কেজি ফুল কবিত ১-২ টকা
প্ৰতি কেজি বেঙেনাত ৩-৫ টকা
প্ৰতি কেজি জলকীয়াত ১৫-২০ টকা
প্ৰতি কেজি বন্ধা কবিত ২-৩ টকা
প্ৰতি কেজি অমিতাত ৪-৫ টকা
প্ৰতি কেজি আলুত ১০-১১ টকা
প্ৰতি কেজি বিনত ৪-৫ টকা
প্ৰতি কেজি গাজৰত ৭-৮ টকা
প্ৰতি কেজি মূলাত ২ টকা
প্ৰতি কেজি জলপাইত ১৫-২০ টকা
প্ৰতি কেজি ওলকবিত ৪-৫ টকা
প্ৰতি কেজি ওৰহিত ৪-৫ টকা
প্ৰতি কেজি মটৰত ১৫-২০ টকা