পলাশবাৰী, সংবাদ ৩৬৫, ৩০ ডিচেম্বৰ: জটিল ৰোগে ৰাজ্যত বহু দৰিদ্ৰ পৰিয়ালক কোঙা কৰা, উপযুক্ত চিকিৎসাৰ বাবে পইচাৰ অভাৱত বহু দৰিদ্ৰ পৰিয়ালে দিকবিদিক হেৰুৱাৰ সময়তে পুনৰ দক্ষিণ কামৰূপ জিলাৰ পলাশবাৰী বিধান সভা সমষ্টিৰ বৰদুৱাৰ বামুনপাৰাৰ ২১ বছৰীয়া যুৱক ৰুবুল দাস সম্প্রতি দিকবিদিক হেৰুৱাই চকুলোৰে বাট নেদেখা হৈ পৰিছে। কিয়নো সৰুতেই নিজৰ মাক-দেউতাকক হেৰুৱাই নিঠৰুৱা হোৱা এই ৰুবুল দাস এতিয়া জটিল ৰোগত আক্ৰান্ত। এমাহ পূৰ্বে চিকিৎসকে ব্লাড কেন্সাৰ ধৰা পেলোৱাৰ পিছত এতিয়া যুৱক জনে চকুলোৰে বাট নেদেখা হৈছে। একমাত্ৰ নিজেই পৰিয়ালৰ মুল ভৰষা ৰুবুলক এতিয়া প্ৰয়োজন বহু লক্ষাধিক টকাৰ । একমাত্ৰ ভাতৃৰ পঢ়াৰ দায়িত্ব লৈ সৰু কাম এটা কৰি কোনোমতে পৰিয়ালটো চলি থকাত দুৰাৰোগ্য ৰোগে এতিয়া ৰুবুললৈ নমাই আনিলে ঘোৰ অমানিশা। ৰুবুলৰ প্ৰাৰম্ভিক এই চিকিৎসাৰ বাবে তেওঁৰ নিজ বন্ধু বৰ্গই কিছু পৰিমানে সহায়ৰ হাত আগবঢ়াইছে যদিও সেইখিনি যথেষ্ট নহয় ।ইতিমধ্যে বি বৰুৱা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় , এপল’ আদি চিকিৎসালয়লৈ লৈ গৈ হাতত থকা সমষ্ট ধন খৰচ কৰি নাইকিয়া হ’ল। সামান্য পৰিমানে কিডনিও বিকল হ’বলৈ ধৰাত চিকিৎসকে কোৱামতে ৰুবুলক সুস্থ কৰি তুলিবলৈ প্ৰয়োজন হ’ব বহু লাখ টকাৰ।সেয়ে সদাশয় লোকে এই যুৱকৰ মৰ্মান্তিক , হৃদয়বিদাৰক পৰিস্থিতিৰ বাবে যদি অকনমান সহায়ৰ হাত আগবঢ়ায় হয়তো আপোনাৰ এই সহায়ে যুৱকজনৰ জীৱন ৰক্ষা পৰিব বুলি কাতৰ অনুৰোধ জনায় দুৰ্ভগীয়া ৰুবুলে। সেয়ে কোনো লোকে মানৱীয় দৃষ্টিভংগীৰে সহায়ৰ হাত আগবঢ়াৱ বিচাৰে তেন্তে এই ঠিকনাত সহায় কৰিব পাৰিব — একাউন্ট নম্বৰ ৭৩৪৫৮১৯৯৯৯৭, আই এফ এছ চি কোড এছ বি আই এন ০০০৫২৪২, ব্ৰান্চ মিৰ্জা (এছ বি আই) নতুবা ৮৪০২০৪৯৪১৮ ( ৰুবুল দাস) , ৭০০২৩৮০৩৪১ ( মানৱ জ্যোতি শৰ্মা) পোনপতিয়াকৈ যোগাযোগ কৰি সহায় কৰিব পাৰে। ইপিনে আজি বছৰটোৰ শেষৰতো দেওবাৰ অহাকাইলৈ ৩১ ডিচেম্বৰ ইয়াকেলৈ সকলো আনন্দত মতলীয়া কিন্তু ৰুবুলৰ জীৱনত এই আনন্দ অন্ধকাৰলৈ পৰিণত হৈছে