আব্দুল হক

নগৰবেৰা

৩ জুলাই

বৰপেটাৰ চৰাঞ্চলত বানাক্ৰান্তৰ কাষত চেঙাৰ বিধায়ক শুকুৰ আলী আৰু বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী নাজিমা আহমেদ। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কালৰূপ ধাৰণ কৰাত চৰাঞ্চলৰ কেইবাহাজাৰ বানাক্ৰান্ত ৰাইজ এতিয়া আশ্ৰয় শিবিৰত।

কৰ’ণা ভাইৰাছৰ ত্ৰাসৰ মাজতে ৰাজ্যতে বানপানীয়ে চলাইছে তাণ্ডৱ। ৰাজ্যৰ ২২ খনকৈ জিলাৰ ১৬ লক্ষাধিক লোক পৰিছে বানপানীৰ কবলত। নামনি অসমৰ বৰপেটা জিলাতো বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাত বানাক্ৰান্ত ৰাইজ আশ্ৰয় লৈছে বিভিন্ন আশ্ৰয় শিবিৰত। আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত ৰাইজৰ মাজতে দেখা দিছে বিশুদ্ধ খোৱা পানী আৰু খাদ্যৰ সমস্যা।

জিলাখনৰ চৰাঞ্চলৰ বানাক্ৰান্ত ৰাইজ সমস্যাৰ বুজ লবলৈ শুকুৰবাৰে চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আৰু বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী নাজিমা আহমেদ নাৱেৰে পৰিদৰ্শন কৰে নিৰলা, কাৰাগাৰত, খোলাবান্ধা, চাংবান্ধা, ভেলেঙ্গীমাৰী চৰত থকা শিবিৰ সমুহ। বিধায়ক গৰাকীৰ লগতে জিলা পৰিষদৰ সভানেত্ৰী গৰাকীয়ে চৰাঞ্চল কেইটাৰ শিবিৰ সমূহত থকা বানাক্ৰান্ত ৰাইজৰ মাজত বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে দমকল, ত্ৰিপাল আদিও যোগান ধৰে।

 

শনিবাৰে পুনৰ এইসকল লোকৰ বাবে অধিক খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰাৰ লগতে পশুধনৰ বাবেও পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে বিধায়ক শুকুৰ আলীয়ে। দিয়া হৈছে। বিধায়ক গৰাকীয়ে চৰকাৰ তথা জিলা প্ৰশাসনক বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত পৰিমাণৰ বান সাহায্য প্ৰদানৰ বাবেও আহ্বান জনায়।