দৰং, সংবাদ ৩৬৫, ৯ ডিচেম্বৰ: দেওবাৰে ৰাজ্যৰ ১০খন জিলাত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীসকলৰ অধিক আগ্ৰহ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ কোনোবা ঠাইত ভোটদান প্ৰক্ৰিয়া অন্ত পৰিলেও বৰ্তমানলৈ কিছুমান ঠাইত শেষ হোৱা নাই। খৈৰাবাৰী -মৈৰাঝাৰ জিলা পৰিষদ সমষ্টিৰ ৪২২ নম্বৰ কলহভাঙ্গা বিদ্যাপাৰা এল পি স্কুলৰ বাও অংশৰ ২ নম্বৰ খণ্ডতো বৰ্তমানলৈ ভোটদান প্ৰক্ৰিয়া সমাপ্ত হোৱা নাই। উক্ত কেন্দ্ৰটোত অভাৱনীয় পৰিস্থিতিয়ে দেখা দিছে। এতিয়াও দীঘলীয়া শাৰী পাতি আছে পুৰুষ মহিলা সহ শ শ ভোটাৰ। কেন্দ্ৰটোত পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। বৰ্তমানলৈকে ৬০ শতাংশ ভোটাৰে ভোটদান সাব্যস্ত কৰিছে ভোটদান। গভীৰ নিশা লৈকে চলিব ভোট গ্ৰহণ । কেন্দ্ৰটোত মুঠ ভোটাৰ ১২৯৮ জন। বৰ্তমানলৈকে ভোটদান সাব্যস্ত কৰিছে ৭৫০ জনে । কেন্দ্ৰটোত আৰক্ষী আৰু চি আৰ পি এফে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে ।