বাক্সা, সংবাদ ৩৬৫, ১০ ডিচেম্বৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ বিভিন্ন ঠাইত বৰ্তমানেও অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। দেওবাৰে নিশা তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ কাউলি, নাৰায়ণপুৰ, নবিনগাঁও আদি অঞ্চলত খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা এজাক বন্য হস্তীৰ বৃহৎ জাক এটাই উপদ্ৰৱ চলাই জয়ন্ত বিশ্বাস, দ্বিজেন বিশ্বাস নামৰ লোক কেইজনৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি চূৰমাৰ কৰি বাৰীৰ তামোল, মালভোগ কলৰ বাগান, ভঁৰালৰ ধান খাই তহিলং কৰে ৷ আনকি ঘৰৰ ভিতৰত থকা কাপোৰ-কানি, চাউল দাইলো নষ্ট কৰাৰ উপৰিও ঘৰৰ আচবাব আদিও ভাঙি-ছিঙি নষ্ট কৰে। হাতীৰ এই বৃহৎ জাকটোৰ পৰা কথমপি প্ৰান ৰক্ষা পৰে কেইবাজনো শিশু-মহিলাসহ অসুস্থ লোকৰ ৷ উল্লেখ্য যে বিগত বহু দিন ধৰি উক্ত অঞ্চলত বন্য হস্তীৰ জাক এটাই সীমান্তবৰ্তী অঞ্চলটোত অব্যাহত ৰাখিছে তাণ্ডৱ ৷ হাতীৰ আক্ৰমনত আতংকিত হৈ বিনিদ্ৰ ৰজনী কটোৱা বৃহত্তৰ অঞ্চলবাসী ৰাইজে চৰকাৰ তথা বন বিভাগৰ লোকক হাতীৰ জাকটো খেদি পঠিৱাবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনাইছে ৷