গুৱাহাটী : গুৱাহাটী মহানগৰীৰ মাৰোৱাৰী হাস্পতালে লাভ কৰিছে মহানগৰ ভিত্তিক হেল্থকেয়াৰ এক্সেলেন্স এৱাৰ্ড ২০২২। গুৱাহাটী মহানগৰীৰ হোটেল ৰেডিচন ব্লুত যোৱা ২২ মাৰ্চত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত স্বাস্থ্য সেৱা ক্ষেত্ৰত দেখুৱাই অহা অবদানৰ বাবে নিউজ ১৮ নেটৱৰ্কে মাৰোৱাৰী হাস্পতালক হেল্থকেয়াৰ এক্সেলেন্স এৱাৰ্ড ২০২২ বঁটা প্ৰদান কৰে।

হাস্পতালখনৰ সাধাৰণ সম্পাদক আৰ এছ যোশী আৰু চিকিৎসালয়ৰ অধীক্ষক ৰোহিত উপাধ্যায়ে উক্ত বঁটা গ্ৰহণ কৰে।অসমৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই উক্ত বঁটা প্ৰদান কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ লোকসকলক উন্নতমানৰ চিকিৎসা সেৱা প্ৰদান কৰি অহাৰ বাবে মাৰোৱাৰী হাস্পতালক স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এই বিশেষ বঁটাৰে সন্মানিত কৰা হয়।

বিভিন্ন সময়ত ৰক্ত দান শিবিৰ আয়োজন কৰি অহাৰ লগতে চিকিৎসালয়খনে গ্রাম্য আৰু পিছপৰা অঞ্চলত বিনামূলীয়া ঔষধ, বিনামূলীয়া ডায়েবেটিচ স্ক্ৰীণিং, বিনামূলীয়া ৰক্তচাপ পৰীক্ষা, বিনামূলীয়া চিকিৎসকৰ পৰামৰ্শ প্ৰদান কৰি আহিছে। মাৰোৱাৰী হাস্পতালে দৰিদ্ৰ লোকসকলক বিশেষকৈ পিছপৰা আৰু গ্ৰাম্য অঞ্চলত এক চিকিৎসাৰ বিশেষ সজাগতা পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

মাৰোৱাৰী চিকিৎসালয়ৰ সাধাৰণ সম্পাদক আৰ এছ যোশীয়ে এক প্ৰেছ বিবৃতিত কয় যে মাৰোৱাৰী চিকিৎসালয়সমূহৰ লক্ষ্য হৈছে অদূৰ ভৱিষ্যতে ৰাজ্যৰ বিভিন্ন অঞ্চলত অধিকসংখ্যক বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰা যাতে বিনামূলীয়া ঔষধ আৰু বিনামূলীয়া চিকিৎসাৰ দ্বাৰা দৰিদ্ৰ ৰোগীসকলক সহায় কৰিব পাৰি। বহিঃবিভাগৰ দ্বাৰা আৰম্ভ কৰা এই বিনামূলীয়া ঔষধ স্বাস্থ্য শিবিৰৰ উপৰিও, ব্লাড বেংক বিভাগে বিভিন্ন স্থানৰ পৰা ৰক্ত সংগ্ৰহ কৰাৰ উদ্যোগ গ্ৰহণ কৰে।

তদুপৰি, ব্লাড বেংক বিভাগত ভ্রাম্যমাণ ৰক্ত সংগ্রহ কাৰী বাহন আছে, যাৰ জৰিয়তে মানুহৰ পদুলিৰ পৰাই ৰক্ত সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰু উক্ত ৰক্ত প্রয়োজনীয় লোকক প্ৰদান কৰি আহিছে। উল্লেখ্য, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ পৰা এতিয়ালৈকে ২০১৭ চনৰ পৰা ২০২২ চনলৈ ২৯৩৬৪ হিতাধিকাৰী লাভান্বিত হোৱাৰ লগতে ২০২১ চনৰ পৰা ২০২২ চনলৈ ৰক্তদান শিবিৰত ১৩৯৩ হিতাধিকাৰীয়ে ৰক্তদান কৰিছে।