শিবেন্দু বৰা

জুৰীয়া

২৭ জুলাই

লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত হৰিণাৰ মাংসসহ আটক চোৰাং চিকাৰী। অভয়াৰণ্যখনৰ পৰা ওলাই অহা এটা হৰিণাক হত্যা কৰি মাংস বিক্ৰী কৰি থাকোতে আটক চোৰাং চিকাৰীজন। বনকর্মী খাইৰুল ইছলামে মাংসসহ আটক কৰিলে আশ্বাদুল ইছলাম নামৰ চোৰাং চিকাৰীজনক।

ভয়াবহ বানৰ কবলত পৰা নগাঁও জিলাৰ লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ বন্যপ্ৰাণী সমূহৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি। বাঢ়নী পানীয়ে প্লাবিত কৰি ৰখা অভয়াৰণ্যখনৰ বন্যপ্ৰাণী সমূহ নিৰাপদ স্থানৰ সন্ধানত ঢাপলি মেলিছে লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ কাষৰীয়া গাঁও সমূহলৈ। বাঢ়নী পানীৰ মাজেৰে অভয়াৰণ্যখনৰ পৰা ওলাই অহা বন্যপ্ৰাণী সমূহৰ ওপৰত চকু পৰিছে একাংশ চোৰাং চিকাৰীৰ। সোমবাৰে লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ পৰা ওলাই অহা এটা হৰিণাক হত্যা কৰি মাংস বিক্ৰী কৰি থকা অৱস্থাত বন বিভাগৰ হাতত ধৰা পৰে আশ্বাদুল ইছলাম নামৰ এজন চোৰাং চিকাৰী। লাওখোৱাৰ বাটলি চাপৰিত দুষ্টচক্ৰই হৰিণা এটা হত্যা কৰি মাংস বিক্ৰী কৰি থকা অৱস্থাত অভয়াৰণ্যখনৰ বনকৰ্মী খাইৰুল ইছলামে চোৰাং চিকাৰী আশ্বাদুল ইছলামক ৮০০ গ্ৰাম হৰিণাৰ মাংসৰ সৈতে হাতে-লুটে ধৰা পেলাই।

বনকৰ্মী খাইৰুল ইছলামে এক গোপন খৱৰৰ ভিত্তিত অভিযান চলাই মাংসসহ চোৰাং চিকাৰীজনক আটক কৰিবলৈ সক্ষম হয়। বৰ্তমান আশ্বাদুল ইছলাম নামৰ চোৰাং চিকাৰীজনক বন বিভাগে অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।