সোণতলী,২৬ এপ্ৰিল: কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ চাম্পুপাৰা আৰু মেৰগাণ্ডাত আজি বন বিভাগে অভিযান চলাই প্ৰায় শতাধিক চিএম চোৰাং বালি নদীত পেলাই দিয়ে৷ জানিব পৰামতে, পশ্চিম কামৰূপ বন সংমণ্ডলৰ এ চি এফ দেবেন কলিতা আৰু বামুনীগাঁও বন বিভাগৰ কাৰ্যালয়ৰ সহকাৰী বন প্ৰাধিকাৰী বিষয়া নিৰল দাসৰ নেতৃত্বত বন বিভাগৰ এটি দলে গৰৈমাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত চাম্পুপাৰা আৰু মেৰগাণ্ডাত অবৈধ বালিৰ মহলৰ বিৰুদ্ধে আজি অভিযান চলায়৷ বন বিভাগে অভিযান চলাই চাম্পুপাৰা আৰু মেৰগাণ্ডাত ব্যৱসায়ী সকলে কলহী নদীৰ পৰা অবৈধভাবে বালি তুলি জমা কৰি ৰখা প্ৰায় ১২০ চি এম বালি জে চি বিৰে নদীত পেলাই দিয়ে৷