গুৱাহাটীৰ, ৫ ছেপ্টেম্বৰঃ “চাৰিওপিনে হত্যা হিংসাৰ দাবানল! সভ্য সমাজে জানো বিচাৰে ৰক্তক্ষয়ী সংঘাত?” তেজৰ ফাকুখেলৰ অন্ত বিচাৰি মানৱীয় আৰু সমতাপূৰ্ণ সমাজ গঠনৰ লক্ষ্যৰে গুৱাহাটীৰ পৰা গান্ধীজীৰ জন্মস্থান পুৰবন্দৰলৈ সৰ্ব ভাৰতীয় সম্প্ৰীতি যাত্ৰাৰ দলে ‘কাৰবান-এ-মহাব্বত’ এক সমদল উলিয়াই। এই দলটোৱে এমাহজোৰা কাৰ্যসূচীৰে বিভিন্ন ৰাজ্যত হত্যা হিংসাৰ বলি হোৱা পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে নানা ঠাইত শান্তিৰ সভা-সমিতি, আলোচনা চক্ৰ অনুষ্ঠিত কৰি মানৱীয় আৰু সমতাপূৰ্ণ সমাজৰ বাবে সকলোকে আহ্বান জনাব। গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰৰ পৰা সৰ্ব ভাৰতীয় সম্প্ৰীতি যাত্ৰাৰ দলে ৰাজহুৱা সভাৰ অনুষ্ঠিত কৰি যাত্ৰা আৰম্ভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ মুৰব্বী অধ্যাপক দিলীপ বৰাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া হৰ্ষ মান্দাৰ, লেখক ৰাম পুনিয়ানী, সমাজকৰ্মী  জন দয়াল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন কলাগুৰু মুনিৰুল হুছেইন, ৰাজনৈতিক কর্মী মনজিত মহন্ত, অধ্যাপিকা অনুৰাধা শৰ্মা, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপ সভানেত্ৰী ছেহলা ৰছিদ, জৱাহৰলাল বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা উমৰ খালিদ, হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা প্ৰশান্ত দণ্ডী, গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ তালুকদাৰকে ধৰি বহুকেইজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।