ৰঙিয়া, ৪ আগষ্টঃ ৰঙিয়াত পুনৰ ইৰাণী গ্ৰুপৰ সন্ত্ৰাস। বান্দৰ কেঁকোৱা দি মহিলাৰ ধন লুট কৰিবলৈ লওঁতে গণ ৰোষত পৰিল দুই চোৰ। প্ৰাপ্ত তথ্য মতে, এছবিআইৰ ৰঙিয়া শাখাত এগৰাকী মহিলাই টকা উলিয়াই যাব খোজোতেই পূৰ্বৰ পৰাই খাপপিটি থকা দুই দুৰ্বৃত্তই মহিলা গৰাকীৰ গাত বান্দৰ কেঁকোৱা ছটিয়াই দিয়ে। মহিলা গৰাকীৰ গাত বান্দৰ কেঁকোৱা লগাত খজুৱতি উঠাৰ সুবিধা লৈ  দুই দুৰ্বৃত্তই  বেগটো লৈ পলায়ন কৰিব খোজোতেই ৰাইজে দুয়োজনকে কৰায়ত্ব কৰে। ক্ষুদ্ধ লোকে দুই চোৰক উত্তম-মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে। আটকাধীন চোৰ দুজন বঙাইগাঁওৰ বিকাশ দাস আৰু আচিক দাস  বুলি চিনাক্ত কৰা হৈছে৷