গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মাৰ্চ: গুৱাহাটী ৰেল ষ্টেচনত ৰেল আৰক্ষীয়ে শুক্ৰবাৰে ১২ খনকৈ সোণৰ বিস্কুটসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা ৰেল আৰক্ষীয়ে অভিযান চলাই সোণৰ বিস্কুটসহ সৰবৰাহকাৰী দুজনক আটক কৰে। জানিব পৰা মতে সৰবৰাহকাৰী দুজনে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা সোণৰ বিস্কুট লৈ ৰাজধানী এক্সপ্ৰেছেৰে ৰাজধানী দিল্লীলৈ যাত্ৰা কৰি থাকোতে ৰেল আৰক্ষীৰ হাতত ধৰা পৰে। ৰেল আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা ১২ খনকৈ সোণৰ বিস্কুট উদ্ধাৰ হয়। সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা ৰেল আৰক্ষীয়ে জব্দ কৰা সোণখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা বুলি অনুমান কৰা হৈছে।