মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ২২ মাৰ্চ: গুৱাহাটীস্থিত বৰঝাৰ বিমান বন্দৰত ৫টাকৈ গুলীসহ এজন সেনাৰ জোৱান আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৰহাট জিলাৰ লিচুবাৰীত কৰ্মৰত এএছচিবিএন ৫৫৪ৰ সেনা জোৱান তথা তামিলনাডু নিবাসী নায়ক এ সুব্ৰমনিয়াম নামৰ লোকজনে বৃহস্পতিবাৰে ইণ্ডিগোৰ এখন বিমানৰে তামিলনাডুলৈ যাত্ৰা কৰাৰ সময়ত ‌ইণ্ডিগো কৰ্তৃপক্ষৰ নিয়মীয়া তালাচীত লোকজনৰ কবলৰ পৰা ৫টাকৈ গুলী উদ্ধাৰ হয়। গুলীসহ বিমানেৰে যাত্ৰা কৰাৰ চেষ্টা কৰাৰ অপৰাধত আজাৰা আৰক্ষীয়ে লোক জনক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যহত ৰাখিছে।