যতীন নাথ

মাজবাট 

১৪ ছেপ্টেম্বৰ

বি টি চি চুক্তি হোৱা দিন ধৰি আজি সোতৰ বছৰে বি টি চি অঞ্চলত বসবাস কৰা অন্যতম জনগোষ্ঠী নাথ যোগী সকলক হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ চৰকাৰে কেৱল প্ৰতাৰণা আৰু প্ৰৱঞ্চণা কৰিলে। এইবাৰ পৰিষদীয় নিৰ্বাচনত সোতৰ বছৰে নাথ যোগী সকলক প্ৰৱঞ্চণা কৰাৰ যোগ্য প্ৰত্যুত্তৰ পাব বি পি এফ দলে বুলি মন্তব্য প্ৰকাশ কৰি বি পি এফ দলক তীব্ৰ সমালোচনা নাথ যোগী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ফুকন নাথৰ।

চিৰাং জিলাৰ মালেভিঠা লক্ষীগুৰি গাঁৱৰ শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা বি টি চি নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সভাত উপস্থিত থাকি নাথ যোগী ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ফুকন নাথে বি পি এফ দলক তীব্ৰ সমালোচনা কৰি কয় যে বি টি চি চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অঞ্চলটোৰ শান্তিৰ স্বাৰ্থত নাথ যোগী সকলেও সমৰ্থন জনাইছিল কিন্তু এইবাৰ নাথ সকলে হাগ্ৰামাৰ মহিলাৰীক নাথ সকলক কৰি অহা প্ৰৱঞ্চনাৰ যোগ্য উওৰ দিব। উক্ত সভাত বি টি চি নাথ যোগী ছাত্র সন্থাৰ চিৰাং জিলা সমিতিৰ মাধৱ নাথক সভাপতি আৰু মোহন নাথক সম্পাদক হিচাপে লৈ ৩১ জনীয়া পূৰ্ণাংগ চিৰাং জিলা সমিতিখন গঠন কৰা হয়।

সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক অৰুপ নাথ , ওদালগুৰি জিলা সমিতিৰ সভাপতি যতীন নাথৰ লগতে বি টি চিৰ চাৰিওখন জিলাৰ দুই শতাধিক নেত-কৰ্মী উপস্থিত থাকে।