গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ২২মাৰ্চ: বৃহস্পতিবাৰে গোলাঘাট জিলাৰ দেৰগাঁৱৰ শিঙৰাজানত এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। সততে বাঘৰ আতংক চলি থকা এই অঞ্চলটোত কিছুদিনৰ ভিতৰতে চতুৰ্থটো নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হৈছে। শিঙৰাজানত দুসপ্তাহ পূৰ্বে দেৰগাঁও বন বিভাগে পতা গৰালত বৃহস্পতিবাৰে পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকী বাঘটো। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এই অঞ্চলত এনেদৰে বন বিভাগে পতা গৰালত তিনিটাকৈ মাইকী নাহৰফুটুকী পিঞ্জৰাবদ্ধ হৈছিল। শিঙৰাজান, লাওভগা, বৰুৱাবামুন গাঁও, মিছামৰা, কপৌচুক অঞ্চলকে ধৰি এক বৃহত্তৰ এলেকা বৰ্তমান নাহৰফুটুকী বাঘৰ বিচৰনথলীত পৰিণত হোৱাত এক আতংকৰ মাজত থাকিব লগা হৈছে অঞ্চলবাসী। বাঘৰ আতংক ক্ৰমে পৰ্য্যবেসিত হৈছে দেৰগাঁও নগৰ তথা ইয়াৰ কাষৰীয়া ফেটাগাঁও, ভকতীয়াগাঁও, নেঘেৰিটিংকে ধৰি কেইবাখনো গাঁৱত। বন বিভাগে বৃহস্পতিবাৰে নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ পিছত ফেটাগাঁৱতো বাঘ ধৰাৰ বাবে পিঞ্জৰা পাতি থৈছে।