মাণিকপুৰ, সংবাদ ৩৬৫, ২২, মাৰ্চঃ বৃহস্পতিবাৰে  বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডাঙাইগাৱঁত কাজলগাওঁ ৰেঞ্জৰ বন সুৰক্ষা কৰ্মীয়ে চোৰাং কাঠ ভৰ্ত্তি এখন দহ চকীয়া ট্ৰাক জব্দ কৰে। কাজলগাওঁ ৰেঞ্জৰ বন সুৰক্ষা কৰ্মীৰ সাতজনীয়া দল এটাই অভিযান চলাই এন এল-০৫ডি-৫৪২৬ নম্বৰৰ এখন কাঠ ভৰ্তি জব্দ কৰে। জানিব পৰা মতে কাজলগাওঁ ৰেঞ্জৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰা ট্ৰাকখনে চোৰাং শাল কাঠবোৰ লৈ যাত্ৰা কৰি থাকোতে এক গোপন সূত্ৰৰ ভিত্তিত বন সুৰক্ষা কৰ্মীয়ে বুধবাৰ নিশাৰ পৰা ট্ৰাকখনৰ পিছ লৈ বৃহপতিবাৰে ৰাতিপুৱা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ ডাঙাইগাৱত ধৰিবলৈ সক্ষম হয়। বন সুৰক্ষা কৰ্মীয়ে জব্দ কৰা ট্ৰাকখনৰ চলক আৰু হেণ্ডিমেন ট্ৰাকখন ঘাই পথৰ ওপৰত এৰি পলায় যাবলৈ  সক্ষম হয় বুলি জানিব পৰা গৈছে। বন সুৰক্ষা কৰ্মীয়ে জব্দ কৰা ট্ৰাকখনত প্ৰায় ১৫ লক্ষাধিক টকাৰ শাল কাঠ থকা বুলি অনুমান কৰা হৈছে।