গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ২৩ মাৰ্চ: গোলাঘাট জিলাৰ এৰেঙ্গাপাৰাৰ কুচুম পেট্ৰল পাম্পত শুক্ৰবাৰে এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। পেট্ৰল পাম্পখনত ৰখাই থোৱা এখন তেল ভৰ্তি টেংকাৰত হঠাৎ সংঘটিত হোৱা অগ্নিকাণ্ডই ভয়াবহ ৰূপ ধৰণ কৰি পেট্ৰল পাম্পখনত থকা অন্য এখন মালবাহী ট্ৰাকলৈও জুই সম্প্ৰসাৰিত হয়। এই ভয়াবহ অগ্নিকাণ্ডত কথমপি ৰক্ষা পৰে পেট্ৰল পাম্পখনৰ কাষত থকা বৃহৎ আবাসিক এলেকা। জানিব পৰা মতে অগ্নিকাণ্ড সংঘটিত হোৱা তেলৰ টেংকাৰখনত ১২ হাজাৰ লিটাৰ তেল আছিল। টেংকাৰখন ১৫ বছৰৰো অধিক পুৰণি আছিল আৰু টেংকাৰখনৰ ইঞ্জিনত চৰ্ট চাৰ্কিটৰ ফলত অগ্নি কাণ্ডৰ সৃষ্টি হৈছিল বুলি সন্দেহ কৰা হৈছে। পিছত গোলাঘাট জিলাৰ অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী আহি জুই নুমোৱাবলৈ সক্ষম হয়। গোলাঘাট জিলাৰ স্থানীয় এজন টেংকাৰ ব্যৱসায়ীয়ে অভিযোগ কৰে যে অগ্নিকাণ্ড সংঘটিত হোৱা টেংকাৰখনৰ ম্যাদ ওকলি গৈছিল আৰু এছ বা ডি মডেলৰ ট্ৰাক অথবা টেংকাৰৰ বৰ্তমান সময়ত চলোৱা কোনো অনুমতি নাই, ৰাজ্যৰ পৰিবহন কাৰ্য্যালয়ৰ গাফিলতিৰ ফলতে বৰ্তমানেও ম্যাদ ওকলি যোৱা ট্ৰাক আৰু টেংকাৰ চলি আছে আৰু ইয়াৰ ফলতে এনে ভয়াবহ ঘটনা সংঘটিত হবলৈ পালে।