গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ২৩ মাৰ্চ: গোলাঘাট নগৰৰ ৩ নং ৰেলগেটৰ বাসিন্দা মিজান আহমেদৰ বাসগৃহত বৃহস্পতিবাৰে নিশা চোৰে পৰিয়ালৰ সকলো সদস্যক মুখত স্প্ৰে মাৰি অচেতন কৰি চুৰি কাৰ্য সংঘটিত কৰে। নিশা চোৰে মিজান আহমেদৰ ঘৰৰ খিৰিকীৰ ফাকেৰে স্প্ৰে কৰি সকলোকে অচেতন কৰি ৯০ হাজাৰ টকা নগদ ধনৰ লগতে ম’ৱাইল ফোনসহ অন্যান্য সামগ্ৰী লৈ উধাও হয়৷ পুৱা গৃহস্থই চুৰি কাৰ্যৰ কথা জানিৱ পাৰি গোলাঘাট সদৰ আৰক্ষী থনাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীৰ আগতেই গৃহস্থই নিজাৱবীয়া প্ৰচেষ্ঠাত দুটা চোৰ আটক কৰিৱলৈ সক্ষম হয়। উল্লেখ্য যে, মিজান আহমেদৰ ঘৰৰ কাষৰ পৰিয়ালটোৰ ঘৰত থকা চিচিটিভিৰ ফুটেজ চাই গৃহস্থই চোৰ দুটা কৰায়ত্ব কৰিৱলৈ সক্ষম হয়।চিচিটিভিৰ ফুটেজৰ ভিত্তিত গোলাঘাট চহৰৰ তপন নগৰৰ ইন্দ্ৰজিত ধৰ আৰু শালমৰাৰ কৃষ্ণ কেওট নামৰ চোৰ দুজনক গৃহস্থই আটক কৰি আৰক্ষীক চমজাইদিয়ে। আৰক্ষীয়ে চুৰ দুজনৰ পৰা এই পৰ্যন্ত কোনো সামগ্ৰী আৰু নগদ ধন উদ্ধাৰ কৰিৱলৈ সক্ষম হোৱা নাই আৰু এই চুৰি কাৰ্যৰ লগত জড়িত দলটোৰ মুল চুৰজনক আৰক্ষীয়ে এই পৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই।