গোলাঘাট, সংবাদ ৩৬৫, মাৰ্চ: গোলাঘাট জিলাৰ দৈয়াং চাহ বাগিচাত এক অচিন ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে। জানিব পৰা মতে যোৱা ১৬ টা দিনত বাগিচাখনত ১৬ জনকৈ শ্ৰমিকৰ এই অচিন ৰোগত আক্রান্ত হৈ মৃত্যু হৈছে। ১২ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈকে ১৬ জন শ্ৰমিকৰ এই অচিন ৰোগৰ ফলত মৃত্যু হৈছে। অচিন ৰোগত আক্রান্ত হৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনাই বাগিচাখনত বাস কৰা লোকসকলক আতংকিত কৰি তুলিছে। বাগিচাখনত অচিন ৰোগত আক্রান্ত হৈ বৰ্তমানলৈকে কালিয়া মাঝি, দিলীপ নায়ক, বেলমতি তাঁতি, আশা ঘাঁচি, মহেন তাচা, অঞ্জনা টংলা, দ্ৰুপদী তাঁতি, অনিল নায়ক, ৰুখো ভূঞা, জলা টংলা, মলি মহান, লক্ষী টংলা, জানকী ৰৌটিয়া, দূৰ্গী চাৱৰ, তিছনী চাৱৰৰ মৃত্যু ঘটিছে। এই ঘটনাৰ পিছত স্থানীয় চাহ জনজাতি ছাত্ৰ সন্থাই অভিযোগ কৰিছে যে চাহ বাগিচাখনত অচিন ৰোগত আক্ৰান্ত হৈ ষোল্ল জনকৈ চাহ শ্ৰমিকৰ অকাল মৃত্যু হোৱাৰ পিছতো স্থাস্থ্য বিভাগ বা গোলাঘাট জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান কৰা নাই। ইফালে চাহ বাগিচাখনৰ পৰিচালকে জানিব দিয়ে যে মৃত্যু হোৱা ব্যক্তিসকল অত্যাধিক মদ্যপান কৰাৰ বাবেহে মৃত্যুৰ মুখত পৰিছে। শ্ৰমিকসকল দৰ্মহাৰ ধন সৎ ব্যৱহাৰ নকৰি মদ্যপান আৰু গোটখা সেৱন কৰাৰ ফলতেই এই সকলৰ মৃত্যু হোৱা বুলি কয় পৰিচালকজন। বাগিচাখনত অস্বাভাৱিকভাৱে অচিন ৰোগত বহু লোকৰ মৃত্যু হোৱাৰ পিছতো স্থাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাৰ বিষয়টো দুৰ্ভাগ্যজনক বুলি স্থানীয় আটছাই অভিযোগ কৰাৰ লগতে শীঘ্ৰে প্ৰতিৰোধ মূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।