নগাঁও, সংবাদ ৩৬৫, মাৰ্চ: স্থায়ী নিযুক্তিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা হোমিঅ’পেথিক চিকিৎসক শিক্ষাৰ্থীক আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া ৰাজ্যজুৰি অব্যাহত আছে। বৃহস্পতিবাৰেও নগাঁৱৰ অসম হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক শিক্ষাৰ্থী সকলে এই ঘটনাৰ প্ৰতিবাদ জনাই ক’লা দিৱস পালন কৰে। চিকিৎসা মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে ক’লা কাপোৰ পৰিধান কৰি ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে। উল্লেখ্য যে, ধৰ্ণা বিক্ষোভৰ পিছতো চৰকাৰী পক্ষৰ পৰা কোনো সঁহাৰি নোপোৱা হোমিঅ’পেথিক চিকিৎসক শিক্ষাৰ্থীসকলে বুধবাৰে দিছপুৰ লাষ্টগেটত মুণ্ডন কৰি ৰাজপথ অৱৰোধ কৰিছিল। এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি থকাৰ সময়তেই আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল চিকিৎসক শিক্ষাৰ্থীসকলক। আৰক্ষীৰ এনে কাণ্ডক লৈ এতিয়া নগাঁৱৰ লগতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।