গুৱাহাটী, সংবাদ ৩৬৫, ২ মাৰ্চ: সাংবাদিক আদিপ কুমাৰ ফুকনৰ শিলপুখুৰীস্থিত বাসগৃহত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা এক অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সম্পত্তি জ্বলি ছাই হয়। জানিব পৰা মতে বৃহস্পতিবাৰে মাজ নিশা সাংবাদিকগৰাকীৰ বাসগৃহত চৰ্ত চাৰ্কিত হোৱাৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ড ফলত সাংবাদিক আদিপ কুমাৰ ফুকনৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জ্বলি ছাই হোৱাৰ লগতে প্ৰায় পাঁচ লাখ টকা মূল্যৰ সামগ্ৰী অনিষ্ট হয়। অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত জুই নুমোৱাবলৈ সক্ষম হয়।