গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ২৫ মাৰ্চ: গোলাঘাট জিলাৰ ধলাগুৰি চাহ বাগিচাত দেওবাৰে এটা নাহৰফুটুকী বাঘৰ আক্ৰমণত কাৰ্ত্তিক গড় নামৰ এজন ব্যক্ত আহত হয়। বাগিচাখনত খৰি আনিবলৈ যাওঁতে হঠাৎ নাহৰফুটুকী বাঘটোৱে কাৰ্তিকৰ ওপৰত জপিয়াই পৰে। নাহৰফুটুকী বাঘটোৰ আক্ৰমণত কাৰ্তিক গড় নামৰ ব্যক্তিজন মূৰত বেয়াকৈ আঘাত পায়। নাহৰফুটুকী বাঘৰ আক্ৰমণত আঘাতপ্ৰাপ্ত কাৰ্তিক গড়ক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে, দেওবাৰে পুৱাৰ ভাগত এই অঞ্চলতে এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হৈছিল। ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত নাহৰফুটুকী বাঘে সন্ত্ৰাসৰ চলাই আহিছে।