গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মাৰ্চ: গুৱাহাটী মহানগৰীৰ কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা শনিবাৰে নিশা জালুকবাৰী আৰক্ষীয়ে দুজনকৈ এনডিএফবি উগ্ৰপন্থীক আটক কৰে।জালুকবাৰী আৰক্ষীয়ে শনিবাৰে নিশা অভিযান চলাই কামাখ্যা ৰেল ষ্টেচনৰ পৰা জয়সিং নাৰ্জাৰী আৰু বিমল বসুমতাৰী নামৰ দুজন এনডিএফবি উগ্ৰপন্থীক আটক কৰে। উগ্ৰপন্থী দুজনে অস্ত্ৰ সৰবৰাহৰ বাবে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা কোকৰাঝাৰলৈ ৰেলেৰে যাত্ৰা কৰি থাকোতে কামাখ্যা ৰেল ষ্টেচনত জালুকবাৰী আৰক্ষীৰ হাতত ধৰা পৰে। বৰ্তমান জালুকবাৰী আৰক্ষীয়ে উগ্ৰপন্থী দুজনক জেৰা কৰি আছে। আনহাতে, দেওবাৰে দৰং জিলাৰ ধূলাৰ ঝাৰগাওঁত সেনা বাহিনী আৰু এনডিএফবি’ৰ মাজত হোৱা সংঘর্ষত দুজনকৈ এনডিএফবি’ৰ সদস্য আহত হয়। আহত সদস্য দুজনক মাৰ্কোচ মুছাহাৰী আৰু চিমন বাগলাৰি বুলি চিনাক্ত কৰা হৈছে। এই সংঘৰ্ষত এ প্ৰভাকাৰ নামৰ এজন সেনা জোৱানো আহত হোৱা বুলি জানিব পৰা গৈছে। আহত সেনা জোৱানজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে।