গুৱাহাটী

১৯ ছেপ্টেম্বৰ

অসম এৰি মেঘালয়ত অন্তৰ্ভুক্ত হ’ব অসমৰ সাতখনকৈ গাঁও। দক্ষিণ কামৰূপৰ সাতখন গাঁৱৰ বাসিন্দাই অতি শীঘ্ৰে মেঘালয়ত অন্তৰ্ভুক্ত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। স্বাধীনতাৰ ৭৪ বছৰ পিছতো সৰ্বদিশত অৱহেলিত হৈ মেঘালয়ত অন্তৰ্ভুক্ত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দক্ষিণ কামৰূপৰ সাতখন গাঁৱৰ বাসিন্দাই।

অসম-মেঘালয় সীমান্তৱৰ্তী গাঁও সমূহ স্বাধীনতাৰ পিছৰে পৰা চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অসমৰ গাঁও সমূহোৰ উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰ সদায়ে নিৰ্বিকাৰ। বিভিন্ন সময়ত মেঘালয়ে অসম-মেঘালয় সীমান্তত থকা অসমৰ গাঁও সমূহত বিভিন্ন কৌশলেৰে আগ্ৰাসন চলাই থকা দেখিবলৈ পোৱা যায় যদিও এইবাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-মেঘেয়াল সীমান্তৱৰ্তী গৰুবন্ধা, বেচীমাৰি, দেৱানবিল, বৰগৰং, বা‌ঙ্গেলিবিলা, কটৰাবাৰী, শান্তিবিল আদি গাঁৱৰ বাসিন্দাই নিজে সিদ্ধান্ত লৈছে মেঘালয়ত অন্তভুক্ত হোৱাৰ। যাতায়ত, শিক্ষা, খোৱা পানী, বিজুলী আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা এই গাঁও সমূহৰ উন্নয়নৰ ক্ষেত্ৰত দেশ স্বাধীনত হোৱাৰ ৭৪ বছৰ পিছতো কনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ ফলত শনিবাৰে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে এই গাঁও সমূহৰ বাসিন্দাই প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে মেঘালয়ত অন্তৰ্ভুক্ত হোৱাৰ হুংকাৰ প্ৰদান কৰে।

বিগত ৭৪ বছৰে ৰাজনৈতিক নেতা সকলে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহা দক্ষিণ কামৰূপৰ মেঘালয় সীমান্তৱৰ্তী গাঁও সমূহৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰিলে অসমৰ এটা বৃহত্তৰ অঞ্চল মেঘালয় হাতলৈ গুচি যাব। উক্ত গাঁও সমূহৰ উন্নয়নৰ ক্ষেত্ৰত পলাশবাৰী সমষ্টিৰ বিজেপিৰ বিধায়ক প্ৰণৱ কলিতাইও নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি থকাৰ ফলত গাঁও সমূহৰ বাসিন্দাই ক্ষোভিত হৈ আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ প্ৰদান কৰিছে।