মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

২ অক্টোবৰ

গোসাইগাঁৱত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিপিএফ দলৰ অনশন কাৰ্যসূচী। বিগত কিছুদিন ধৰি বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিপিএফ দলে ধাৰাবাহিক আন্দোনলা চলাই আহিছে।

গোসাইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত শুকুৰবাৰে পুৱা দহ বজাৰ পৰা বিয়লি দুই বজালৈ চাৰি ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে বিপিএফ দলে৷ প্ৰায় দুই শতাধিক বিপিএফ দলৰ নেতা-নেএী তথা কৰ্মী-সমৰ্থকে হাতে হাতে ন বিটিচি ইলেকশ্যন ন ৰেষ্ট, ৰাজ্যপালৰ শাসন বন্ধ কৰক, অতি শীঘ্ৰে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰক আদি শ্ল’গান সম্বলিত ফেষ্টুন, প্লেকাৰ্ড প্ৰদৰ্শন কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস কৰে৷ অনশন কাৰ্যসূচীত বিপিএফ দলৰ উপ-সভাপতি শোভাৰাম বসুমাতাৰীয়ে অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যৰ বিজেপি চৰকাৰে কৰ’ণা ভাইৰাছৰ দোহাই দি বিটিচি নিৰ্বাচন অনু্ষ্ঠিত কৰা নাই যাৰ পৰিণতিত বিটিচিৰ উন্নয়ন স্তব্ধ স্ হৈ পৰিছে৷ বিটিচি নিৰ্বাচন অনুষ্ঠিত নোহোৱাত বিটিচিবাসী পশুৰ দৰে বসবাস কৰা অৱস্থা হৈছে৷ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পাছত ইয়াত বানপানী হৈ গ’ল আৰু বানপীড়িত লোক সকল চৰকাৰৰ পৰা সাহায্য লাভ কৰাটো সক্ষম নহ’ল৷ চৰকাৰী কনো নতুন আঁচনি বিটিচিত ৰূপায়ণ কৰা নগ’ল, মুঠতে বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱাত বিটিচিবাসী এশ.এবুৰি সমস্যাৰ সৈতে সহবাস কৰিব লগীয়া হৈছে৷ অনশনত উপস্থিত থাকি বিপিএফৰ কেন্দ্ৰীয় মহিলা মঞ্চৰ সাংগঠনিক সম্পাদিকা তিৰু লতা লাক্ৰাই কয় যে ২৭ অক্টোবৰত ৰাজ্যপালৰ শাসন শেষ হ’ব আৰু তাৰ আগতে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে যদি নিৰ্বাচন অনুষ্ঠিত নকৰে তেনেহলে বিপিএফ দলে প্ৰয়োজন তেজ দি হলেও বিটিচিত ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি হুুংকাৰ দিয়ে বিপিএফ নেত্ৰী গৰাকীয়ে৷

বিপিএফ দলে বিগত কিছুদিন ধৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত এলানি আন্দোলন কাৰ্যসূচী চলাই আছে যদিও অন্য কোনো দলে নিৰ্বাচন অনুস্থিতি কৰাৰ দাবী জনোৱা নাই৷