আনিছুৰ আলী

গৌৰীপুৰ 

৯ আগষ্ট

গৌৰীপুৰ আৰক্ষীৰ বৃহৎ সফলতা। নিচাজাতীয় সমগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই গৌৰীপুৰ আৰক্ষীয়ে চাৰিচকীয়া বাহন আৰু নিচাজাতীয় সমগ্ৰীসহ আটক কৰিলে দুই যুৱকক।

নামনি অসমৰ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিচাজাতীয় সমগ্ৰীৰ বেহাৰ লগতে অন্যান্য অপৰাধজনিত ঘটনা। জিলাখনৰ বিভিন্ন অঞ্চলত এচাম দুষ্টচক্ৰই বিভিন্ন নিচাজাতীয় সমগ্ৰীৰ বেহা চলাই থকাৰ অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপিত হৈ আহিছিল যদিও আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ ফলত জিলাখনত নিচাজাতীয় সমগ্ৰীৰ বেহাৰ লগত জড়িত দুষ্টচক্ৰৰ মনোবল দিনক দিনে বৃদ্ধি পাই আহিছে। শেহতীয়াকৈ জিলাখনত নতুনকৈ আৰক্ষী অধীক্ষক হিছাপে যোগদান কৰা আনন্দ মিশ্ৰাই নিচাজাতীয় সমগ্ৰীৰ লগতে এই বেহাৰ লগত জড়িত লোক সকলৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। আনন্দ মিশ্ৰাই আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা ধুবুৰী জিলাত আৰক্ষীয়ে জব্দ কৰিয়ে আছে নিচাজাতীয় সমগ্রী। দেওবাৰে জিলাখনৰ গৌৰীপুৰ আৰক্ষীয়ে গৌৰীপুৰ চহৰৰ মাজমজিয়াত বূহৎ পৰিমাণৰ নিচাজাতীয় সমগ্ৰীসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। গৌৰীপুৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই গৌৰীপুৰৰ আজিজুল হক আৰু গোলকগঞ্জৰ কৈমাৰী গাঁৱৰ আমিৰুল ইছলাম নামৰ দুজন যুৱকক নিচাজাতীয় সমগ্রীসহ আটক কৰে৷

আৰক্ষীয়ে নিচাজাতীয় সমগ্ৰীৰ বেহাৰ লগত জড়িত যুৱক দুজনৰ কবলৰ পৰা এছ-১৭-জি-৫৭০৯ নম্বৰৰ চাৰিচকীয়া বাহন আৰু আনুমানিক ৭ লাখ টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱক দুজন জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।