গুৱাহাটী

১০ আগষ্ট

মহানগৰীৰ আমবাৰীত বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মুকলেশ আলীৰ মৃত্যু। চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে মুকলেশ আলীৰ। পুৰাতত্ব বিভাগৰ কৰ্মচাৰী মুকলেশ আলীৰ।

ৰাষ্ট্রীয় উদ্যান অথবা অভয়াৰণ্যৰ কাষৰীয়া অঞ্চল নহয়, গুৱাহাটী মহানগৰীৰ মাজমৰিয়াত শনিবাৰে এটা বনৰীয়া গাহৰিয়ে সন্ত্ৰাসৰ সৃষ্টি কৰে। মহানগৰীৰ আমবাৰী অঞ্চলত শনিবাৰৰ দিনটো সন্ত্ৰাস চলাই বনৰীয়া গাহৰিটোৱে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰিছিল চাৰি জনকৈ লোক।বনৰীয়া গাহৰিটোৱে প্ৰেছ ক্লাৱৰ কাষত থকা পুৰাতত্ব বিভাগৰ কৰ্মচাৰী মুকলেশ আলী আৰু গুৱাহাটী প্ৰেছ ক্লাৱৰ চাফাই কর্মী ৰাজেন্দ্ৰ বাসৱক প্ৰথমে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰিছিল। বনৰীয়া গাহৰিটোৱে প্ৰথমে পুৰাতত্ব বিভাগৰ কার্যলয়ৰ চৌহদত প্ৰৱেশ কৰি পুৰাতত্ব বিভাগৰ কৰ্মচাৰী মুকলেশ আলীক আক্ৰমণ কৰি প্ৰেছ ক্লাৱৰ চাফাই কর্মী ৰাজেন্দ্ৰ বাসৱক আক্ৰমণ কৰিছিল। পৰৱৰ্তী সময়ত গাহৰিটোৱে আৰু দুজন লোকৰ ওপৰত আক্ৰমণ চলাই আঘাতপ্ৰাপ্ত কৰিছিল। গাহৰিটোৰ আক্ৰমণত পুৰাতত্ব বিভাগৰ কৰ্মচাৰী মুকলেশ আলী আৰু প্ৰেছ ক্লাৱৰ চাফাই কর্মী ৰাজেন্দ্ৰ বাসৱক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু দুয়ো গৰাকীকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পুৰাতত্ব বিভাগৰ কৰ্মচাৰী মুকলেশ আলীৰ আঘাত অধিক গুৰুত্বৰ আছিল আৰু অৱশেষত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে মুকলেশ আলীৰ।

উল্লেখ্য যে শনিবাৰে দিনটো সমগ্ৰ আমবাৰী অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰা বনৰীয়া গাহৰিটোক উদ্ধাৰ কৰিবলৈ বন বিভাগে বহু সময় ধৰি চেষ্টা চলাইও বিফল হৈছিল আৰু পিছত বনৰীয়া গাহৰিটো স্থানীয় কিছুমান লোকৰ আক্ৰমণত নিহত হৈছিল। বানপানীৰ সময়ত গাহৰিটো ব্ৰহ্মপুত্ৰ নদীত উটি আহি গুৱাহাটীত প্ৰৱেশ কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল।