কুন্দন ভৰালী

নগাঁও

২৪ ছেপ্টেম্বৰ

নগাঁও চহৰত সুৰামত্ত ই-ৰিক্সা চালকৰ তাণ্ডৱ। নিশা হয়বৰগাঁও অঞ্চলত বহুকেইখন বাহনত খুন্দা মাৰে সুৰামত্ত ই-ৰিক্সা চালকজন। ৰাইজে ঔ-কিল দি গতাই দিলে আৰক্ষীক।

বুধবাৰে নিশা নগাঁও চহৰৰ মাজমজিয়া হয়বৰগাঁৱত এজন সুৰামত্ত ই-ৰিক্সা চালকে তাণ্ডৱৰ সৃষ্টি কৰে। কামালউদ্দিন নামৰ ই-ৰিক্সা চালক জনে সুৰামত্ত হৈ নিজৰ ই-ৰিক্সাখনলৈ ৰাজপথত তাণ্ডৱ চলাই কেইবাখনো বাহনত খুন্দা মাৰে। সুৰামত্ত অৱস্থত ই-ৰিক্সালৈ ৰাজপথৰ তাণ্ডৱ চলাই থকা কামালউদ্দিনক প্ৰথম অৱস্থাত স্থানীয় কিছুমান ৰাইজে বাধা প্ৰদান কৰে যদিও কামালউদ্দিনৰ তাণ্ডৱ ক্ৰমাৎ অধিক বৃদ্ধি পাবলৈ ধৰাত একাংশ ৰাইজে ই-ৰিক্সা চালক কামালউদ্দিনক ঔ-কিল দি আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে পিছত ই-ৰিক্সা চালকজনক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে নগাঁও চহৰত দিনক দিনে ই-ৰিক্সা চালক সকলৰ দৌৰাত্মক ব্যাপক হাতৰ বৃদ্ধি পাবলৈ ধৰিছে। কিছুদিন পূৰ্বেও আন এগৰাকী নিচাগ্ৰস্ত ই-ৰিক্সা চালকে শাৰীৰিকভাৱে অপদস্থ কৰিছিল নগাঁও যান-বাহন নিয়ন্ত্ৰণ শাখাৰ এগৰাকী মহিলা কণিষ্টবলক।