গুৱাহাটী, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰী: খানাপাৰা পেগাছাছে গ্ৰেটাৰ গুৱাহাটী বেবী লীগ চমুকৈ জিজিবিএলৰ দ্বিতীয় ছিজনৰ অনুৰ্ধ ১২ৰ খিতাপ দখল কৰিছে৷ দেওবাৰে জিজিবিএলৰ একাদশ মেচ ডে’ত অনুষ্ঠিত হোৱা ফাইনেল ৰাউণ্ডৰ মেচত পেগাছাছে মুঠ ২৪ পইন্টেৰে তালিকাৰ শীৰ্ষস্থান নিশ্চিত কৰে৷ মনোময় ডীয়েৰ্ছ আৰু জিটিচি ৰাইনোজে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ৷ এই শাখাত ২৭টা গ’লেৰে শীৰ্ষ গ’লদাতা হয় মনোময় ডীয়েৰ্ছৰ লক্ষ্য বিশ্বাস৷

ইপিনে, গুৱাহাটী চিটী এফ চি চমুকৈ জিচিএফচি ইউনিকৰ্নছে গ্ৰেটাৰ গুৱাহাটী বেবী লীগ চমুকৈ জিজিবিএলৰ অনুৰ্ধ ১০ শাখাৰ খিতাপৰ আশা সজীৱ কৰি তুলিছে৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন চমুকৈ এ আই এফ এফৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো গ’ল্ডেন বেবী লীগ জিজিবিএলৰ দ্বিতীয় ছিজনৰ একাদশ মেচ ডে’ত নালাপাৰাৰ ইন্টাৰনেচনেল স্কুলৰ খেলপথাৰত অনুৰ্ধ ১০ৰো ফাইনেল ৰাউণ্ডৰ মেচসমূহ অনুষ্ঠিত হয়৷ গুৱাহাটী চিটী এফচি (জিচিএফচি) আৰু স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেণ্টে ৱামূল (পূৰৱী ডেইৰী)ৰ সহযোগত আৰু অসম ফুটবল সংস্থা, ইণ্ডিয়ান অইল কৰ্পোৰেচন-ছাৰ্ভো, ডেকাথল্‌ন গুৱাহাটী, ৰামানম ইনফ’টেক আৰু ৯৪.৩ গপশ্বপ এফএমৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত জিজিবিএলৰ অনুৰ্ধ ১০ৰ এখন গুৰুত্বপূৰ্ণ ফাইনেল ৰাউণ্ডৰ মেচত জিচিএফচি ইউনিকৰ্নছে জিটিচি ৰাইনোজক ৩-১ গ’লত পৰাস্ত কৰি তালিকাৰ শীৰ্ষস্থানত উপনীত হয় ৷ জিচিএফচিৰ হৈ প্ৰীতম ব্ৰহ্ম, দিব্যপ্ৰতীম বসুমতাৰী আৰু উৎকৰ্ষ বৰাই গ’ল স্ক’ৰ কৰাৰ বিপৰীতে জিটিচিৰ হৈ সুমিত পাণ্ডেই গ’ল স্ক’ৰ কৰে৷

আনহাতে, অনুৰ্ধ ৮ত মনোময় ডীয়েৰ্ছে মন্টফ’ৰ্ট টাইগাৰ্ছক ৩-০ গ’লত পৰাস্ত কৰে ৷ নিবিড় দাসে দুটা আৰু ৰচিত কুমাৰ শ্বাহে এটা গ’ল স্ক’ৰ কৰে৷ এই শাখাত জিচিএফচি ইউনিকৰ্নছ আৰু নাৰেংগী ডলফিন্সে প্ৰথম দুটা স্থান অধিকাৰ কৰি আছে।