ৰঙিয়া, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰী : কামৰূপ জিলাৰ ৰঙিয়াৰ ইচ্ছাঘৰীয়াৰ ১৬শ বিঘা খেতিপথাৰত দেওবাৰে আই আই টি গুৱাহাটীৰ ৪০ জনীয়া দল আহি উপস্থিত হয়। বছৰত মাত্ৰ তিনি মাহ খেতি কৰাৰ পিছতে পৰিত্যক্ত অৱস্থাত পৰি থকা খেতিপথাৰখনকলৈ গৱেষণা আৰম্ভ কৰিলে আই আই টি গুৱাহাটীৰ দলটোৱে।

ৰঙিয়াৰ ইচ্ছাঘৰীয়াৰ ১৬শ বিঘা খেতিপথাৰত দেওবাৰে আই আই টি গুৱাহাটীৰ ৪০ জনীয়া দল এটা উপস্থিত হৈ খেতিপথাৰখন পৰিদৰ্শন কৰি পথাৰখনকলৈ গৱেষণা আৰম্ভ কৰে। বছৰত মাত্ৰ তিনি মাহ খেতি কৰাৰ পিছত পথাৰখন মেটেকাৰে ভৰি পৰাত ৯ মাহ পৰিত্যক্ত অৱস্থাত থকা পথাৰখনত কিদৰে ১২ মাহে লাভদায়ক খেতি কৰিব পাৰি ইয়াকেলৈ গৱেষণা কৰে আই আই টিৰ ৪০ জনীয়া দলটোৱে। আই আই টিৰ দলটোৱে পথাৰখন পৰিদৰ্শন কৰি মেটেকাৰে ভৰি থকা পথাৰখনৰ পৰা মেটেকাৰ নমুনা সংগ্ৰহ কৰি জৈৱিক পদ্ধতিত সাৰ প্ৰস্তুত কৰাৰ বাবেও গৱেষণা আৰম্ভ কৰে আই আই টিৰ দলটোৱে।

আই আই টিৰ গৱেষকৰ দল ইচ্ছাঘৰীয়াৰ ১৬শ বিঘা খেতিপথাৰকলৈ আৰম্ভ কৰা গৱেষণাক আদৰণি জনাই অঞ্চলটোৰ খেতিয়কসকলে আশা প্ৰকাশ কৰিছে অতিকৈ পিছপৰা গাঁওখনত মেটেকাৰ পৰা সাৰ প্ৰস্তুত কৰিব পৰা কাৰখানা এটা স্থাপন হোৱাৰ। গাঁওখনত মেটেকাৰ পৰা সাৰ প্ৰস্তুত কৰিব পৰা কাৰখানা এটা স্থাপন হ’লে খেতিয়কসকল অধিক লাভবান হোৱাৰ লগতে বহু নিবনুৱা যুৱক-যুৱতীৰ কৰ্মসংস্থাপন লাভ কৰিব।