সোণতলী, ৯ অক্টোবৰঃ কংগ্ৰেছে মিছা প্ৰলোভনেৰে ধৰ্মীয় সংখ্যালঘুৰ ভোট কাঢ়ি নিয়া গভীৰ ষড়যন্ত্ৰ চলাইছে৷ এই মন্তব্য অগপৰ কেন্দ্ৰীয় নেতা তথা হাজোৰ প্ৰাক্তন বিধায়ক নুৰুল হুছেইনৰ৷ বিগত কিছুদিন ধৰি নামনি অসমৰ বিভিন্ন প্ৰান্তত ডি ভোটাৰ আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত সৰ্বসাধাৰণ লোকৰ মাজত প্ৰচাৰ হৈ থকা উৰা বাতৰি দূৰ কৰিবলৈ কামৰূপৰ ছয়গাওঁ বিধানসভাৰ অন্তৰ্গত গৰৈমাৰীত অগপই গৰৈমাৰী ব্লক সম্বন্ধয় সমিতিৰ উদ্যোগত এখন বিশাল গণ সজাগতা সভা অনুষ্ঠিত কৰে৷ গৰৈমাৰী টাউন ক্লাৱৰ খেলপথাৰত অনুষ্ঠিত হোৱা গণ সজাগতা সভাত হাজো সমষ্টিৰ প্ৰাক্তন বিধায়ক নুৰুল হুছেইনে লগতে কয় যে, কংগ্ৰেছে ক্ষমতাত নথকাৰ বাবে বিভিন্ন উৰা বাতৰি প্ৰচাৰ কৰি বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে৷ তেওঁ লগতে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে কোনো দিনে চৰকাৰ গঠন কৰিব নোৱাৰিব বুলি উল্লেখ কৰি অসমত বসবাস কৰা সংখ্যালঘু মুছলমান সকলেই প্ৰকৃত অসমীয়া বুলি মন্তব্য কৰে৷ গণ সজাগতা সভাত প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে, অগপ চৰকাৰৰ দিনত কোনো লোকৰ ওপৰত কোনো ধৰণৰ হাৰাশাস্তি হোৱা নাই কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত সংখ্যালঘু লোকৰ বেছি ক্ষতি হৈছে৷ ধৰ্মৰ নামত ৰাজনীতি কৰি লুটপাত চলোৱা সকলেহে হাৰাশাস্তি কৰিছে, অগপ থকালৈকে কোনো লোককে হাৰাশাস্তি হ’বলৈ নিদিয়ে৷ সৰ্বভাৰতীয় ৰাজনৈতিক দল সমূহে নিৰ্বাচনৰ স্বাৰ্থত ধৰ্মৰ নামত হিন্দু মুছলমানক বিভাজন কৰিব বিচাৰিছে বুলি উল্লেখ কৰি দাসে আঞ্চলিকতাবাদৰ স্বাৰ্থত কংগ্ৰেছ আৰু বিজেপি দলৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ ৰাইজক আহ্বান জনায়৷ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে সজাগতা সভাখনত অসম চুক্তি মতেই এনআৰচিৰ কাম হ’ব বুলি উল্লেখ কৰাৰ লগতে ২০২১ চনত অসমত অগপ দলে চৰকাৰ গঠন কৰিব বুলিও হুংকাৰ দিয়ে৷ অগপৰ গৰৈমাৰী ব্লক সম্বন্বয় সমিতিৰ সভাপতি উত্তম কলিতাৰ পৌৰাহিত্যত অনুষ্ঠিত সভাখন পৰিচালনা কৰে টুক্ৰাপাৰা গাওঁ পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনে৷ মাজৰটোপ গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আব্দুৰ ৰহমানে আদৰণি ভাষন প্ৰদান কৰা সভাখনত প্ৰাক্তন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী, খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অধ্যক্ষ ডাঃ কমলাকান্ত কলিতা  উপস্থিত থাকি ভাষন প্ৰসংগত কয় যে, অগপ  হৈছে ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দল৷ আগন্তক পঞ্চায়ত নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু এআইইউডিএফ দলে সৰ্বসাধাৰণ লোকৰ মাজত বিভিন্ন অপ প্ৰচাৰ চলাইছে৷ এনআৰচি হ’লে অসম চুক্তি মতেই হ’ব লাগিব বুলি উল্লেখ কৰি কমলা কলিতাই কয় যে কংগ্ৰেছ দলে ডি ভোটাৰৰ সমস্যাৰ সৃষ্টি কৰিছে আৰু কংগ্ৰেছ দলে ডি ভোটাৰৰ সমস্যা সমাধান কৰিব বিচৰা নাইয৷ সভাত প্ৰাক্তন মন্ত্ৰী কমলা কলিতাই কংগ্ৰেছ দলৰ লগতে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক ক্ষুৰধাৰ সমালোচনা কৰি কয় ৰেকিবুদ্দিন আহমেদে বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰি সৰ্বভাৰতীয় পৰ্যায়ত এক ইতিহাস ৰচনা কৰিছে বুলি অভিযোগ কৰে৷ সজাগতা সভাখনত মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ৱাহাব আলী আহমেদে কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাবে অগপ দলত যোগদান কৰে৷