যোৰহাট, ৯ অক্টোবৰঃ অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থা যোৰহাট জিলা সমিতিয়ে ৮দফীয়া দাবীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ ঘাইপথ অৱৰোধ কৰি উত্তাল পৰিবেশ সৃষ্টি কৰে৷ সন্থাই অসম চৰকাৰক কৰ্মীৰ বাবে  অতিৰিক্ত মাননী ৫০০০ টকা আৰু সহায়িকাৰ বাবে ৩,৫০০ টকা ধাৰ্য কৰা, অৱসৰৰ সময়ত কৰ্মীক ২লাখ আৰু সহায়িকাক ১লাখ ৫০হাজাৰ টকা দিয়াৰ ব্যৱস্থা কৰা, সকলো কৰ্মী, সহায়িকাৰ বাবে ইএছআইৰ সুবিধা প্ৰদান কৰাৰ ৮দফীয়া দাবীত জিলা উপায়ুক্তৰ কাৰ্যালয়ত চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সন্থাই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে। অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই শীঘ্ৰে তেওঁলোকৰ দাবীসমূহ মানি কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰিলে পৰৱৰ্তী পৰ্যায়ত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।