গুৱাহাটী, ৯ অক্টোবৰঃ চানমাৰীৰ নিৰাময় ভৱনত জননী শাখা কবি সন্মিলনৰ উদ্যোগত এখনি কবি সন্মিলন অনুষ্ঠিত হয়৷ কবি সন্মিলনৰ বন্তি বীৰজা হাজৰিকাই প্ৰজ্বলন কৰাৰ পিছতে সন্মিলনৰ উদ্দেশ্যে বাখ্যা কৰে সম্পাদক মঞ্জুলা বেগমে। গীতাঞ্জলী বৰা বৰদলৈয়ে কবি সন্মিলনখন সভাপতিত্বত কৰে৷ সন্মিলনত চন্দাদেৱী দত্ত, সুমিতা হাজৰিকা, বীৰজা হাজৰিকা, সীতা ৰাভা, বন্তি শইকীয়া, দেৱীৰাণী শৰ্মা, মীৰা ৰাভা, ৰুণু দেৱীকে ধৰি গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক নবীন প্ৰবীণ কবিয়ে কবিতা পাঠ কৰে৷ কবিতাসমূহৰ পৰ্য্যালোচনা আগবঢ়ায় সভাপতি গীতাঞ্জলী বৰা বৰদলৈয়ে৷ সভাত জোতিষ কুমাৰ দেৱে বৰগীত পৰিবেশন কৰে৷ সভাৰ শেষত সৰ্বসন্মতি ক্ৰমে প্ৰত্যেক মাহৰ প্ৰথম দেওবাৰে চানমাৰীৰ নিৰাময় ভৱনত কবি সন্মিলনখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷