ৰঙিয়া, ৫ মেঃ প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজতো ৰাজ্যত ক্ৰমাগতভাবে বৃদ্ধি পাব ধৰিছে মানৱ সৰবৰাহকাৰী চক্ৰ৷ সমগ্ৰ দেশতে ৰেল যোগাযোগৰ ব্যৱস্হা সবাতোতকৈ সুচল আৰু সহজলভ্য হোৱাত ৰেলৰ জৰিয়তে নাৰী সৰবৰাহৰ ঘটনা অধিক বৃদ্ধি পাব ধৰিছে৷ ৰেলৱে আৰক্ষীয়ে এনে দুষ্কাৰ্য্য ৰোধৰ কাৰণে ৰেল ষ্টেচন সমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে যদিও এনে ঘটনা বৃদ্ধিহে পাব ধৰিছে৷ বিশেষকৈ ৰঙিয়াত নাৰী সৰবৰাহ এক সাধাৰণ ঘটনাত পৰিণত হৈছে৷ ৰঙিয়া ৰেল জংচনত শুক্ৰবাৰে ডেকাৰগাঁও-ৰঙিয়া যাত্ৰীবাহী ৰেলৰ পৰা টহলদাৰী ৰেলৱে আৰক্ষী দলে অভিযান চলাই মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা পাঁচ গৰাকী যুৱতীসহ ৮ জনক উদ্ধাৰ কৰি চৰকাৰী ৰেল আৰক্ষীক চমজাই দিয়ে৷ কামৰ প্ৰলোভনেৰে এইসকলক দিল্লীলৈ নিয়াৰ চেষ্টা চলাইছিল মানৱ সৰবৰাহকাৰী চক্ৰটোৱে৷ ৰীণা হাজৰিকা নামৰ এগৰাকী মহিলাক সোধ-পোছৰ বাবে আটক কৰা হৈছে৷ উদ্ধাৰ হোৱা আটাইকেইজন শোণিতপুৰৰ ৰঙাপাৰা আৰু খেলমাটিৰ বাসিন্দা বুলি জানিব পৰা গৈছে৷