টেট শিক্ষক গিয়াচউদ্দিনৰ  ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পাঠদানৰ অভিযোগ
লংকা, ২৬ এপ্ৰিলঃ ৰাজ্যৰ  শিক্ষা বিভাগৰ পয়ালগা অৱস্থা আকৌ এবাৰ উদঙালে হোজাইৰ এখন বিদ্যালয়ে। হোজাইৰ নুৰ নগৰ প্ৰাথমিক বিদ্যালয়ত আজিও গঢ় লৈ নুঠিল শিক্ষাৰ পৰিবেশ। লংকা শিক্ষা বিভাগৰ অধীনস্থ নুৰ নগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জনে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ নামত বিয়াগোম দূৰ্নীতি সংঘটিত কৰা, শিক্ষা বিভাগৰ নীতি-নিয়মক বুঢ়া আঙুলি দেখুৱাই মাহেকত দুই-তিনিদিন শিক্ষানুষ্ঠান বন্ধ ৰখা, সহকাৰী টেট শিক্ষক গিয়াচউদ্দিনে ব্যক্তিগত খণ্ডৰ বিদ্যালয় কনিষ্ঠ মহাবিদ্যালয়ত পাঠ দিয়াৰ অভিযোগ উত্থাপন কৰিছে আমচুয়ে৷আমচুৰ সাংগঠনিক সম্পাদক মামুন ৰচিদৰ লগতে চাৰিং আঞ্চলিক সমিটিৰ সভাপতি বুৰহান উদ্দিনৰ উপৰি কাজিম আহমেদ আৰু আবিদুৰ ৰহমানে এই অভিযোগ উত্থাপন কৰি লংকাস্থিত শিক্ষা বিষয়াৰ কাৰ্যালয়ত এখন চাৰিদফীয়া দাবী সন্মলিত স্মাৰকপএ  প্ৰদান কৰে। আমচুৰ নেতৃবৃন্দই শিক্ষা-বিষয়া গৰাকীক বিদ্যালয়ত এক সুস্থ শৈক্ষিক পৰিবেশ গঢ়ি শিক্ষানুষ্ঠানখনত আমূল সংস্কাৰ সাধনৰ কাৰণে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷ আমচুৰ নেতৃবৃন্দই শিক্ষা বিষয়াক টেট শিক্ষক গিয়াচউদ্দিনৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ বিদ্যালয়খনৰ অভিভাৱক আৰু আমচুয়ে প্ৰয়োজন সাপেক্ষে এই সন্দৰ্ভত শিক্ষামন্ত্ৰীক অৱগত কৰিব বুলিও সাংবাদিকক  জানিবলৈ দিয়ে ।