দ্বীপৰ বিলৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰীঃ মহানগৰীৰ গাতে লাগি থকা ঐতিহাসিক দ্বীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য ৰক্ষা আৰু ইয়াৰ পৰ্যটনৰ সম্ভাৱনাক লক্ষ্য ৰাখি যোৱা ৯ তাৰিখৰ পৰা আৰম্ভ হোৱা দ্বীপৰ বিল মহোৎসৱ দেওবাৰে অন্ত পৰে। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই মহোৎসৱৰ অন্তিম দিনা বাৰেৰহনীয়া কৃষ্টি সংস্কৃতিৰ নৃত্য গীতেৰে উদুলি মুদূলী হৈ পৰে দ্বীপৰ বিলৰ পাৰ। কংক্ৰীটৰ মহানগৰীৰ মাজত অৱস্থিত এই বৃহৎ বিলখন অসমৰ একমাত্ৰ ৰামছৰ ছাইট হোৱাৰ পিছতো এই বিলখনৰ অস্থিত সংকটৰ গৰাহত। বিভিন্ন থলুৱা চৰাইৰ লগতে পৰিভ্ৰমী চৰাইৰ এই বিচৰণস্থলী অবৈধ বেদশল আৰু প্ৰদূষণৰ ফলত বৰ্তমান অনুপযোগী হৈ পৰিছে পক্ষীকূলৰ বাবে। দ্বীপৰ বিলখন ৰক্ষা কৰি ইয়াৰ পৰিবেশ পক্ষীকূলৰ বাবে উপযুক্ত কৰি ৰখাৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰা আৰু এই বিলখনক এক পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ বাবে প্ৰথমবাৰৰ বাবে দ্বীপৰ বিল মহোৎসৱ আয়োজন কৰা হৈছে। এই মহোৎসৱত জনজাতীয় খাদ্য সম্ভাৰ, বস্ত্ৰমেলাৰ সমাহাৰ ঘটা প্ৰিলক্ষীয় হৈছে যদিও পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলীত এই মহোৎসৱৰ দ্বাৰা কোনো ধৰণৰ শব্দ প্ৰদূষণ যাতে নহয় ইয়াৰ ওপৰত বেশেষ গুৰুত্ব প্ৰদান কৰিছে উদযাপন সমিতিয়ে। মহানগৰীৰ গাতে লাগি থকা মনোৰম দ্বীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য ৰক্ষা আৰু ইয়াৰ পৰ্যটনৰ সম্ভাৱনাক উজ্জীৱিত কৰি ৰখাৰ লক্ষ্যৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই দীপৰ বিল মহোৎসৱৰ অন্তিম দিনা মহোৎসৱৰ বাকৰি লোকেলোকাৰণ্য হোৱা পৰিলক্ষিত হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে মহোৎসৱৰ বাকৰিত জনজাতীয় খাদ্য সম্ভাৰ জুতি লোৱাৰ লগতে প্ৰদৰ্শীত হোৱা নৃত্য গীত‌ উপভোগ কৰে।