শিবেন্দু বৰা

জুৰীয়া

১৯ আগষ্ট

বানৰ পিছত নৈপৰিয়া ৰাইজলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে গৰাখহনীয়াই। ৰূপহীহাটৰ সুতিৰপাৰত মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ গৰাখহনীয়াৰ কালৰূপ। সুতিৰপাৰ গাঁও পঞ্চায়তৰ মানচিত্ৰৰ পৰা বিলীন হোৱাৰ পথত ছেনীমাৰী ইনচি গাঁও।

চলিত বছৰত কেইবাবাৰো প্ৰলয়ংকাৰী বানৰ কবলত পৰা নৈপৰীয়া ৰাইজৰ বাবে এতিয়া গৰাখহনীয়াই কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি। নগাঁও জিলাৰ ৰূপহী ৰাজহ চক্ৰৰ অন্তৰ্গত সুতিৰপাৰ গাঁও পঞ্চায়তৰ ছেনিমাৰী ইনচি গাঁৱত মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ গৰাখহনীয়াই কালৰূপ ধাৰন কৰিছে৷ ব্ৰহ্মপুত্ৰৰ প্ৰবাল সোঁতত গাঁওখনত চপৰা-পচৰে খহিছে গৰা৷ যোৱা দুদিনত গাঁওখনত কেইবাশ বিঘা ভূমি ব্ৰক্ষ্মপুত্ৰৰ বুকুত বিলীন হোৱাত আতংকিত হৈ পৰিছে গাঁওখনৰ ৰাইজ৷ যদি এনেদৰে ব্ৰহ্মপুত্ৰ নদীৰ তাণ্ডৱ অব্যাহত থাকে তেন্তে অতি শীঘ্ৰেই সুতিৰপাৰ গাঁও পঞ্চায়তৰ মানচিত্ৰৰ পৰা বিলীন হৈ যাব ছেনীমাৰী ইনচি গাঁওখন৷

ব্ৰহ্মপুত্ৰৰ নদীৰ প্ৰবাল সোঁতে ভাবুকি কঢ়িয়াই অনা গাঁওখন ৰক্ষা কৰিবলৈ ৰাইজে বাৰম্বাৰ চৰকাৰক অনুৰোধ জনোৱাৰ পিছতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অৱশেষত ৰাইজ নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে গাঁওখন ৰক্ষা কৰাৰ। বুধবাৰে গাঁওখনৰ ৰাইজে
নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহ আৰু বালিৰ বস্তাৰে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধৰ চেষ্টা চলায়। অবশ্য ৰাইজৰ এই প্ৰচেষ্টাত সম্পূৰ্ণ সহায়-সহযোগ আগবঢ়াই পঞ্চায়ত সভাপতি গৰাকীয়ে।ইতিমধ্যে কেইবাশ বিঘা ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা ছেনীমাৰী ইনচি গাঁওখন যদি ৰক্ষাৰ বাবে চৰকাৰে এতিয়াই যদি পদক্ষেপ গ্ৰহণ নকৰে তেন্তে অতি শীঘ্ৰে গাঁওখন সম্পূৰ্ণৰূপে বিলীন হৈ যাব ব্ৰহ্মপুত্ৰৰ বুকুত।

 

ৰাইজে সেইহে পুনৰবাৰ চৰকাৰ তথা বিভাগীয় মন্ত্ৰী কেশৱ মহন্তক অনুৰোধ জনাইছে গাঁওখনক গৰাখহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰাৰ। ইফাকে ৰূপহী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মদিৰা বেগমে জিলা জলসম্পদ বিভাগৰ বিষয়াৰ আলোচনা কৰি ছেনীমাৰী ইনচি গাঁওখনত গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।