গোলাঘাট, সংবাদ ৩৬৫, ৭ মাৰ্চ: গোলাঘাটৰ জিলাৰ দৈয়াং চাহ বাগিচাত বুধবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বাগিচাখনত মঙলবাৰে নিশা টুঙী লাইনত অচিন ৰোগত আক্ৰান্ত হৈ পদুমী নায়ক নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাত অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখ্য যে গোলাঘাটৰ জিলাৰ দৈয়াং চাহ বাগিচাত যোৱা ১২ ফেব্ৰুৱাৰীৰ পৰা এইপৰ্যন্ত এক অচিন ৰোগত আক্ৰান্ত হৈ ২১ জনকৈ লোকৰ মৃত্যু হৈছে যদিও প্ৰশাসন তথা স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত উত্থাপিত হৈ আহিছে। অচিন ৰোগত আক্রান্ত হৈ বাগিচাখনৰ শ্ৰমিকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি বাগিচাখনত তীব্ৰ আতংকই বিৰাজ কৰিছে। শ্ৰমিকৰ আৱাভাবিক মৃত্যু হোৱাত বিভিন্ন দল সংগঠনে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনক তদন্তৰ দাবী জনাইছে যদিও বাগিচাখনৰ পৰিচালকে শ্ৰমিকসকল অধিক মদ্যপান আৰু গোটখা খোৱাৰ ফলত মৃত্যু হোৱা বুলি মন্তব্য কৰাত শ্ৰমিকসকল ক্ষোভিত হৈ পৰিছে।