বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ৭ মাৰ্চ: বঙাইগাওঁ জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত ছেদামাৰীৰ পাল্লীৰতল গাঁৱৰ ধেদাইমাৰী ডিজিটেল ইণ্ডিয়াৰ এখন অন্ধকাৰ গাঁও। স্বাধীনতাৰ ৭০ বছৰ পিছতো গাওঁখনে দেখা নাই বৈদ্যুতিক চকীৰ পোহৰ। বুধবাৰে গাঁওখনৰ ৰাইজ বিদ্যুত সংযোগৰ দাবীত ওলাই আহে ৰাজপথলৈ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ শংকৰঘোলা আঞ্চলিক সমিতিৰ উদ্যোগত বুধবাৰে বঙাইগাঁও জিলাত দুই ঘণ্টীয়া গড়কাপ্তানি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য বৈদ্যুতীকৰণৰ কাম ক্ষিপ্ৰতাৰে কৰি থকাৰ সময়তে বঙাইগাওঁ জিলাৰ শংকৰঘোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ছেদমাৰীৰ পাল্লীৰতল গাঁৱৰ ধেদাইমাৰী অঞ্চলৰ গঞা ৰাইজ বিদ্যুত সেৱাৰ পৰা বঞ্চিত হোৱা অভিযোগ তুলি সংগঠনটোৱে স্থানীয় ৰাইজৰ সহযোগত পাল্লীৰতল গড়কাপ্তানি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পথ অৱৰোধ কাৰ্যসূচীৰ ফলত কেইবা ঘণ্টা সময় উক্ত পথেৰে যান বাহন চলাচল ব্যহত হৈ পৰে। ধেদাইমাৰী গাঁৱৰ অতি শীঘ্ৰে বিদ্যুত সংযোগৰ যাবতীয় ব্যবস্থা গ্ৰহণ কৰাৰ দাবী তুলি সংগঠনটোৱে যোগীঘোপা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক শইকীয়াৰ জৰিয়তে জিলা উপযুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। পথ অৱৰোধ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা শতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।