বিলাসীপাৰা

৫ ছেপ্টেম্বৰ

বিলাসীপাৰাত নিশা আৰক্ষীয়ে জব্দ কৰিলে বাংলাদেশ অভিমুখী ১৫ টাকৈ ম’হ। আটক এজন ম’হ সৰবৰাহকাৰী। বিলাসীপাৰাৰ নদী পথেৰে দিনে-নিশাই বাংলাদেশলৈ অবৈধভাৱে সৰবৰাহ হৈ আছে গৰু-ম’হ।

নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ নদী পথেৰে অবৈধভাৱে বাংলাদেশলৈ গৰু-ম’হৰ সৰবৰাহ অব্যাহত আছে। বিভিন্ন সময়ত আৰক্ষী আৰু বি এছ এফৰ জোৱান সকলে জিলা দুখনৰ অবৈধভাৱে সৰবৰাহ কৰা গৰু-ম’হ জব্দ কৰা পৰিলক্ষিত হৈ থকাৰ সময়তে শুকুৰবাৰে নিশা ধুবুৰী জিলাৰ নয়াহাট আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বিলাসীপাৰাত জব্দ কৰে ১৫ টা ম’হ। নয়াহাট বজাৰৰ সমীপত আৰক্ষীয়ে অভিযান চলাই ম’হ সৰবৰাহকাৰী এজনক ম’হ বোৰৰ সৈতে আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ম’হ সৰবৰাহকাৰী জন বি টি এ ডিৰ শ্ৰীৰামপুৰৰ আয়নাল হক বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে ম’হসহ আটক হোৱা সৰবৰাহকাৰী আয়নাল হকক জেৰা চলাই থকা বুলিও জানিব পৰা গৈছে। বিলাসীপাৰা মহকুমাৰ নদী পথেৰে একাংশ অবৈধ গৰু-ম’হৰ ছিণ্ডিকেট চক্ৰই দিনে-নিশাই বাংলাদেশলৈ অবৈধভাৱে সৰবৰাহ কৰি আহিছে কৰি গৰু-ম’হ। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে নিশাও বিলাসীপাৰা আৰক্ষীয়ে অভিযান চলাই ৭ টা ম’হ আৰু ৬ টা গৰু নদী পথেৰে বাংলাদেশ অভিমুখে গৈ থকা অৱস্থাত গৌৰাং নৈত নাওঁ সহ জব্দ কৰিছিল।

সম্প্ৰতি গৰু-ম’হৰ একাংশ ছিণ্ডিকেট চক্ৰই বাংলাদেশলৈ গৰু-ম’হ সৰবৰাহ বাবে এতিয়া বিলাসীপাৰা মহকুমাৰ নদী পথ সমূহক সাৰথি কৰি লৈছে। মহকুমাটোৰ গৌৰাং, টিপকাই, সোণকোষ, চম্পাৱতী আদি নদীৰে যন্ত্ৰ চালিত নাৱেৰে বহিঃৰাজ্যৰ পৰা অনা গৰু আৰু ম’হ বাংলাদেশলৈ সৰবৰাহ কৰি অহাৰ অভিযোগ সৰ্বজনবিদিত।