মুস্তক আহমেদ

জুৰীয়া

২৮ নৱেম্বৰ

লোভত পৰি মহিলাই হেৰুৱালে দুই লাখ টকা। চাৰি লাখ নকল টকাৰ লোভত মহিলাই হেৰুৱালে দুই লাখ আচল টকা। নকল টকাৰ লোভ দিয়া প্ৰৱঞ্চকক আটক কৰিলে ৰাইজে। প্ৰৱঞ্চক বৰ্তমান ৰঙা ঘৰৰ আলহী।

নগাঁও জিলাত অধিক লাভৰ সপোন দেখুৱাই এগৰাকী মহিলাৰ পৰা প্ৰৱঞ্চকে দুই লাখ টকা লুটি নিয়াৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে নগাঁৱৰ ৰূপহীহাটৰ সমীপৰ লাওগাঁৱৰ নুৰুল ইছলাম নামৰ এজন প্ৰৱঞ্চকে এগৰাকী মহিলাক চাৰি লাখ নকল টকা দিয়াৰ নামত মহিলা গৰাকীৰ পৰা দুই লাখ আচল টকা লুটি নিয়ে। চাৰি লাখ নকল টকাৰ লোভত নুৰুল ইছলাম নামৰ প্ৰৱঞ্চক জনক আচল দুই লাখ টকা দিয়াৰ কেইবাদিন পাৰ হোৱাৰ পিছতো মহিলা গৰাকীয়ে নকল টকা লাভ নকৰাত মহিলা গৰাকীয়ে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজক অৱগত কৰে। মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিত একাংশ লোকে প্ৰবঞ্চক জনক আটক আটক কৰে।

প্ৰৱঞ্চক জনক ৰাইজে আটক কৰি ৰূপহীহাট আৰক্ষী থানাত চমজাই দিয়ে। বৰ্তমান প্ৰৱঞ্চক নুৰুল ইছলাম ৰঙা ঘৰৰ আলহী। ইতিমধ্যে মহিলা গৰাকীৰ পৰা কৌশলেৰে ধন লুটাৰ কথা স্বীকাৰ কৰিছে প্ৰৱঞ্চক নুৰুল ইছলামে।