মুস্তাক আহমেদ
জুৰীয়া
২৮ নৱেম্বৰ

প্ৰেমিকা উপস্থিত প্ৰেমিক গাঁওবুঢ়াৰ ঘৰত। প্ৰেমিকাৰ উপস্থিতিৰ উমান পাই পলাই পত্ৰং দিলে প্ৰেমিক গাঁওবুঢ়াৰ৷ চৰকাৰী গাঁওবুঢ়াৰ প্ৰেমিকৰ ঘৰত লাগিল হাহাকাৰ। উপায়হীন প্ৰেমিকাই প্ৰেমিকৰ অপেক্ষাত জুৰীয়াৰ জেঙনিত প্ৰেমিকৰ ঘৰৰ চোতালতে বহি অপেক্ষা কৰিছে প্ৰেমিকৰ৷

গাওঁবুঢ়াৰ প্ৰেমত হাবুডুবু এগৰাকী যুৱতী। যুৱতী গৰাকীয়ে এতিয়াও প্ৰেম কৰে গাঁওবুঢ়াক কিন্তু গাঁওবুঢ়াই এতিয়া প্ৰেম নকৰে যুৱতী গৰাকীক। অবশেষত নিৰুপাই প্ৰেমিকা আহি উপস্থিত হয় গাঁওবুঢ়া প্ৰেমিকৰ ঘৰত৷ দুয়োৰে মাজত আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্বন্ধ। প্ৰেমিকৰূপী গাঁওবুঢ়াই বাৰম্বাৰ পিছুৱাইছিল প্ৰেমিকাক বিয়াৰ কৰোৱাৰ ক্ষেত্ৰত৷ অৱশেষত বিয়াত বহিবলৈ প্ৰেমিকাই নিজেই আহি উপস্থিত হয় প্ৰেমিকৰূপী গাঁওবুঢ়াৰ ঘৰত কিন্তু তাতে লাগিল হাহাকাৰ, প্ৰেমিক গাঁওবুঢ়াই খবৰ পালে প্ৰেমিকা আহি উপস্থিত ঘৰত। প্ৰেমিকা অহাৰ উমান পাই পলাই পত্ৰং দিলে প্ৰেমিকৰূপী গাঁওবুঢ়াই৷ উপায়হীন প্ৰেমিকাই প্ৰেমিকৰ অপেক্ষাত ঘৰৰ চোতালতে বহি অপেক্ষা কৰিছে প্ৰেমিকৰ৷ ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ জুৰীয়াৰ জেঙনিত৷ ৰূপহীহাটৰ এগৰাকী যুৱতীয়ে বিগত তিনিবছৰ ধৰি ভাল পাইছিল জুৰীয়াৰ জেঙনিৰ গাঁওবুঢ়া ইক্ৰামুল হুচেইনক৷ দুয়োৰে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত প্ৰেমিকাই বিয়াৰ প্ৰস্তাৱ দিছিল প্ৰেমিকক।

বাৰম্বাৰ বিয়াৰ প্ৰস্তাৱ পাই থকা প্ৰেমিকে বিভিন্ন অজুহাত দেখুৱাই বিয়াৰ প্ৰস্তাৱ নাকচ কৰিছিল। অবশেষত উপায়ন্তৰ হৈ প্ৰেমিকাই নিজে আহি উপস্থিত হ’ল প্ৰেমিক গাওঁবুঢ়াৰ ঘৰত৷ প্ৰেমিকা ঘৰলৈ অহাৰ উমান পাই অন্তধ্যান প্ৰেমিক ইক্ৰামুল গাঁওবুঢ়া৷ প্ৰেমিকৰ সৈতে বিয়াৰ আশা বুকুত বান্ধি এতিয়া প্ৰেমিকৰ অপেক্ষাত প্ৰেমিকৰ ঘৰৰ চোতালতে বহি সময় পাৰ কৰিছে প্ৰেমিকাই ৷ প্ৰেমিকাই কলে লৈ আহিছো লগত বিয়া নাপাতিলে চুইচাইড কৰিম।