ৰঙিয়া, ২০ মেঃ ৰঙিয়াত নিৰ্মীয়মান দলঙক লৈ ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়৷ দলঙৰ নিৰ্মাণৰ কাম-কাজত দুষ্ট চক্ৰই বাধা দিয়াক লৈ অঞ্চলটোৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ দুষ্ট চক্ৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় বাসিন্দা৷ প্ৰাপ্ত তথ্য অনুসৰি, ৰঙিয়াৰ পুঠিমাৰী নৈৰ ওপৰত নিৰ্মীয়মান দলংৰ কাম-কাজত কোনো দুষ্ট চক্ৰই বিভিন্ন ধৰণে বাধাৰ সৃষ্টি কৰি আহিছিল৷ আজি পুৱা দুষ্ট চক্ৰই দলঙৰ সন্মুখত বাঁহৰ বেৰা দি গাড়ী যাব নোৱাৰা কৰাত স্থানীয় লোক জাঙুৰ খাই উঠে৷ দলঙৰ নিৰ্মাণ কাম বন্ধ হৈ যোৱা বুলি ৰাইজৰ মাজত বিয়পি পৰাত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ লগত স্থানীয় লোক নিৰ্মাণ স্থলীলৈ ওলাই আহে৷ স্থানীয় লোক আৰু ছাত্ৰ-ছাত্ৰীয়ে নিৰ্মাণ কাৰ্য্য বন্ধ কৰা নচলিব, দুষ্ট চক্ৰক শাস্তি দিয়ক, আমাক দলং লাগে আদি শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে৷ ইয়াৰ লগতে স্থানীয় লোকে দুষ্ট চক্ৰই দিয়া বেৰা ভাঙি দিয়াৰ লগতে সমগ্ৰ বিষয়টোত প্ৰশাসনৰ হস্তক্ষেপৰ দাবী কৰিছে৷