চিৰাং, সংবাদ ৩৬৫, ১৫ মাৰ্চ: চিৰাং জিলাৰ আমগুৰী থানাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ ১নং বালাঝাৰৰ বনাঞ্চলৰ পৰা সেনা আৰু আৰক্ষীয়ে এক যৌথ অভিযান চলাই বৃহস্পতিবাৰে পুৱতি নিশা এনডিএফবি (ছ)ৰ এজন দুৰ্ধৰ্ষ সদস্যক আটক কৰিবলৈ সক্ষম হয়। এনডিএফবি (ছ)ৰ ৪০ নং গোটৰ ম্যানমাৰত প্ৰশিক্ষিত দুৰ্ধৰ্ষ সদস্যজনৰ নাম টন নাৰ্জাৰী ওৰফে এন টোৰছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে আটক কৰা সদস্যজনৰ পৰা বহুকেইটা ধন দাবী পত্ৰ, ৰিভলভাৰ, ৬ জাই সক্ৰিয় গুলী আৰু এটা খুকুৰী উদ্ধাৰ কৰিছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে এনডিএফবি(ছ)ৰ সদস্যজনক আমগুৰী আৰক্ষী চকীত জেৰা চলাই আছে। জানিব পৰা মতে আটক হোৱা এনডিএফবি(ছ)ৰ সদস্যজন কিছুদিন পূৰ্বে ম্যানমাৰৰ পৰা আহি চিৰাং জিলাত প্ৰৱেশ কৰিছিল।