গুৱাহাটী, সংবাদ ৩৬৫, ১৫ মাৰ্চ: গুৱাহাটী ৰেল ষ্টেচনত বৃস্পতিবাৰে ৰেল আৰক্ষীয়ে ৰাজধানী এক্সপ্ৰেছৰ পৰা ডেৰ কেজি সোণসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। ৰেল আৰক্ষী বিষয়া ইফটীকাৰ আলীয়ে জানিবলৈ দিয়া মতে বিকাশ খান্না আৰু অজয় খান্না নামৰ দুজন লোকে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা ৯ টাকৈ সোনৰ বিস্কুট লৈ ৰাজধানী এক্সপ্ৰেছেৰে দিল্লী অভিমুখে যাত্ৰা কৰি থাকোতে গুৱাহাটী ৰেল ষ্টেচন ৰেল আৰক্ষীৰ হাতত আটক হয়। ৰেল আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ৰাজধানী এক্সপ্ৰেছত তালাচি অভিযান চলাই সোণৰ বিস্কুটসহ লোক দুজনক আটক কৰে। ৰেল আৰক্ষীয়ে অধিক তথ্যৰ বাবে লোক দুজনক জেৰা কৰি আছে। উল্লেখ্য যে, বিগত বছৰত গুৱাহাটী ৰেল ষ্টেচনত সৰ্বাধিক সোণৰ বিস্কুট জব্দ কৰা হৈছে।