গুৱাহাটী, সংবাদ ৩৬৫, ৩০ জানুৱাৰীঃ  ৩১ জানুৱাৰীত বিশ্ববাসী সাক্ষী হৈ ৰব এক বিৰল ঘটনাৰ। ৩১ জানুৱাৰীত আকাশত দেখা দিব চুপাৰ মুন। চুপাৰ মুনৰ লগতে ৩১ জানুৱাৰীত হব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। চুপাৰ মুন আৰু পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ পৰিব শক্তিপীঠ কামাখ্যাৰ ওপৰত। ৩১ জানুৱাৰীৰ বিয়লিৰ পৰা দর্শনাৰ্থীয়ে দৰ্শন কৰিব নোৱাৰিব দেৱীক কাৰণ শক্তিপীঠ কামাখ্যাৰ দুৱাৰ বন্ধ ৰখা হব ৩১ জানুৱাৰীৰ বিয়লিৰ পৰা। দর্শনাৰ্থীয়ে দৰ্শন কৰিব নোৱাৰিব দেৱীক ৩১তাৰিখ বিয়লিৰ পৰা। চুপাৰ মুন, ব্লু মুন আৰু ব্লাড মুনৰ বাবে  অম্বুবাচীৰ পূৰ্বে বন্ধ ৰখা হব শক্তিপীঠ কামাখ্যাৰ দুৱাৰ দর্শনাৰ্থীৰ বাবে। দেৱালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে পূৰ্ণগ্ৰাহ চন্দ্ৰগ্ৰহনৰ বাবে  বন্ধ থাকিব শক্তিপীঠ কামাখ্যাৰ দুৱাৰ। দলৈৰ মতে দিনজোৰা কাৰ্যসূচীৰ পিছত ৩১ তাৰিখে বিয়লি ৩ বজাৰ পৰা বন্ধ কৰি দিয়া হব শক্তিপীঠ কামাখ্যাৰ দুৱাৰ। প্ৰসিদ্ধ কামাখ্যাপীঠ দৰ্শনৰ বাবে দেশ বিদেশৰ পৰা কেইবাহেজাৰ ভক্তপ্ৰাণ ৰাইজ প্ৰতিদিনে সমাগম হয়।